• ট’কিঅ’ অলিম্পিকৰ এথলীটৰ বাবে বিশেষ বিচনা

    আঞ্চলিক
    ট’কিঅ’  অলিম্পিকৰ এথলীটৰ বাবে বিশেষ বিচনা

    ট’কিঅ’ : আসন্ন ট’কিঅ’ অলিম্পিকত অংশগ্ৰহণকাৰী এথলীটৰ বাবে বিশেষ বিচনা নিৰ্মাণ কৰিছে আয়োজক দেশ জাপানে। মহামাৰী কৰ’না ভাইৰাছৰ এই কঠিন সময়ত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আয়োজক কমিটীয়ে এই ব্যৱস্থা হাতত লৈছে। উল্লেখ্য যে, বিগত বৰ্ষৰ জানুৱাৰী মাহত যৌনতাবিৰোধী এই বিচনাৰ প্ৰচলন আৰম্ভ কৰিছিল প্ৰযুক্তিবিদ্যাত চহকী দেশ জাপানে। প্ৰায় ২০০কিঃগ্ৰাঃ ভৰ বহন কৰিব পাৰে এই বিচনাকেইখনে। ৰিঅ’ অলিম্পিকৰ ৫হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদকজয়ী এথলীট পল ছিলেম’ই টুইটাৰযোগে সদৰী কৰে যে, “ট’কিঅ’ অলিম্পিকত এথলীটসকলৰ পাৰস্পৰিক দূৰত্ব নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্ড ব’ৰ্ডৰ বিচনা প্ৰদান কৰা হৈছে।





    এই বিচনাই কেৱল এজন এথলীটৰ ভাৰহে বহন কৰিব। গতিকে, মোৰ নিচিনা লং ডিষ্টেন্স থকা ৪জন দৌৰবিদে এই বিচনা ভাগ-বতৰা কৰিব পাৰিব।” আয়োজক মণ্ডলীৰ এনে পদক্ষেপক উদ্দেশ্য কৰি ধেমেলীয়া স্বৰত তেওঁ কয়, “ শোৱাপাটিত শৌচ কৰাৰ অভ্যাস থকাসকলে সমস্যাৰ সন্মুখীন হ’ব। কাৰণ, কাৰ্টনৰ এই বিচনা তিতিলে ভাঙি পৰাৰ সম্ভাৱনা আছে। ফাইনেলৰ পূৰ্বে এই ঘটনা হ’লেতো কথাই নাই। সেইকাৰণে এতিয়াৰেপৰাই মজিয়াত শোৱাৰ অনুশীলন কৰিছোঁ। কাৰণ, মাজনিশা যদি মোৰ বিচনা ভাঙি যায়! আৰু মজিয়াত শোৱাৰ অভ্যাস নাথাকে, তেতিয়া সমস্যাত পৰিম।’’
    জানিবলৈ পোৱা মতে, অলিম্পিক গেমছৰ অন্তত কাৰ্ড ব’ৰ্ডৰে তৈয়াৰী এই বিচনাসমূহ পুনঃনৱীকৰণ বা ৰিচাইকেল কৰাটো সম্ভৱ। পুনঃনৱীকৰণ পদ্ধতিৰে ইয়াক পুনৰ কাগজলৈ ৰূপান্তৰ কৰিব পাৰি বুলি প্ৰকাশ পাইছে।