• ট’কিঅ অলিম্পিকত কৰ’নাৰ ক’লীয়া ডাৱৰ!

    আঞ্চলিক
    ট’কিঅ অলিম্পিকত  কৰ’নাৰ ক’লীয়া ডাৱৰ!

    নতুন দিল্লীঃ সমাগত ট’কিঅ অলিম্পিক। ২৩ জুলাইৰ পৰা জাপানত অনুষ্ঠিত হ’বলগীয়া বহুপ্ৰত্যাশিত অলিম্পিকলৈ মাজত মাথোঁ ৫টা দিন। ইয়াৰ মাজতে বিশ্ববাসীৰ বাবে আহিছে এক দুঃখবৰ। জাপানত ক্ৰমাতঃ কৰ’না মহামাৰীৰ দ্ৰুত আগ্ৰাসনে দেখা দিছে। শনিবাৰে আয়োজক মণ্ডলীৰ এগৰাকী সদস্য কৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰই সদৰী কৰা মতে, কৰ’নাক্ৰান্ত সদস্যগৰাকীক বৰ্তমান আয়োজক মণ্ডলীয়ে ১৪দিনৰ কোৱাৰেণ্টাইনত ৰাখিছে।





    উল্লেখ্য যে, দুদিন পূৰ্বে এগৰাকী খেলুৱৈ আৰু ৫গৰাকী কৰ্মচাৰী কৰ’নাক্ৰান্ত হৈছে। আনহাতে ব্ৰাজিলৰ জুড’ দলৰ একাংশ হোটেল কৰ্মচাৰীৰ দেহতো কৰ’নাৰ উপস্থিতি ধৰা পৰিছে।
    জাপানত কৰ’না মহামাৰীৰ কাল বিভীষিকাই গা কৰি উঠাৰ পাছতে অলিম্পিক অনুষ্ঠিত কৰাৰ লৈ সন্দেহ ঘণীভূত হৈছে। তথ্য অনুসৰি জুলাই মাহত জাপানত কৰ’নাক্ৰান্তৰ সংখ্যা ১৩০০তকৈ অধিক বুলি প্ৰকাশ পাইছে। এনে পৰিপ্ৰেক্ষিতত বাতিল হ’ব নেকি ট’কিঅ অলিম্পিক! নিৰ্বাপিত হৈ ৰ’ব নেকি ক্ৰীড়াবিদৰ অলিক স্বপ্ন? তাকে লৈ উদ্বিগ্ন বিশ্ববাসী।