• ঠিকাদাৰে ভুল কৰিলে ব্লেক লিষ্টেড কৰাৰ নিৰ্দেশ মন্ত্ৰীৰ

    আঞ্চলিক
    ঠিকাদাৰে ভুল কৰিলে ব্লেক লিষ্টেড কৰাৰ নিৰ্দেশ মন্ত্ৰীৰ

    গুৱাহাটী : জিএমচিৰ ঠিকাদাৰ আৰু বিষয়াৰ সৈতে আজি মত বিনিময় কৰে মন্ত্ৰী অশোক সিংঘলে৷ ঠিকাদাৰৰ বিভিন্ন সমস্যাৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে৷ জিএমচিয়ে সময়মতে ঠিকাদাৰসকলক ধন আবণ্টন নিদিয়াৰ অভিযোগ দিয়ে মন্ত্ৰীগৰাকীক৷ যাৰ ফলত আধৰুৱাকৈ কাম এৰি আহিবলগীয়া হয় ঠিকাদাৰসকলে৷





    এই মত বিনিময়ত ঠিকাদাৰৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে৷ প্ৰতিমাহে এখনকৈ বৈঠক অনুষ্ঠিত হ’ব ঠিকাদাৰ বিষয়াৰ সৈতে৷ লগতে পৰিকল্পনাবিহীনভাৱে কাম দিয়া বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷





    ইয়াৰ উপৰি ১৫ দিনৰ ভিতৰত অনুসন্ধান কৰি ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়াৰ লগতে ঠিকাদাৰে ভুল কৰিলে ব্লেক লিষ্টেড কৰাৰো নিৰ্দেশ দিয়ে৷