• ডঃ সঞ্জীৱ নাৰায়ণৰ পদক্ষেপ, নতুন ৰূপ পালে বশিষ্ঠৰ ভূতনাথ শ্মশানে

    আঞ্চলিক
    ডঃ সঞ্জীৱ নাৰায়ণৰ পদক্ষেপ, নতুন ৰূপ পালে বশিষ্ঠৰ ভূতনাথ শ্মশানে

    গুৱাহাটী : মহানগৰীৰ বশিষ্ঠবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল৷ সম্পূৰ্ণ নতুন ৰূপত সোমবাৰে মুকলি কৰা হয় বশিষ্ঠ ভূতনাথ শ্মশানৰ নতুন উদ্যান৷ ছমাহ পূৰ্বে 'প্ৰাগ নিউজ'ৰ স্বত্বাধিকাৰী ডঃ সঞ্জীৱ নাৰায়ণৰ নিজাববীয়া প্ৰচেষ্টাত আৰম্ভ হৈছিল উদ্যান নিৰ্মাণৰ কাম৷ সোমবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মুকলি কৰে পুখুৰীসহ, নতুন উদ্যানখন৷ এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কেইবাটাও নতুন কাম হাতত লোৱা হৈছে বুলি ঘোষণা কৰে।









    উল্লেখ্য যে, সঞ্জীৱ নাৰায়ণৰ উদ্যোগত ন-ৰূপত স্থাপন কৰা হৈছে বশিষ্ঠৰ শ্মশান, কাষতে এখন নতুন উদ্যানো৷ বশিষ্ঠ মন্দিৰৰ পুৰণি সভাগৃহটোৰ ভাঙি নতুনকৈ নিণ কৰাৰ লগতে বশিষ্ঠ নদীৰ ওপৰত এখন দলং আৰু পাৰ্কিঙৰ ঠাইয়ো নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ কাৰো জীৱিকাৰ ওপৰত আঘাত নকৰাকৈ দোকানসমূহ সু-শৃংখলকৈ বনাবলৈ জিলা উপায়ুক্তই 'মাষ্টাৰ প্লেন' তৈয়াৰ কৰিব বুলি জনায় মুখ্যমন্ত্ৰীয়ে৷










    এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞায়ো অংশ লয়৷ ইপিনে ডঃ সঞ্জীৱ নাৰায়ণে অহা ২/৩ বছৰৰ ভিতৰত কামাখ্যাৰ দৰে বশিষ্ঠ মন্দিৰকো ন-ৰূপত জিলিকাই তোলা হ'ব বুলি ভাষণ প্ৰসংগত কয়। নিৰ্মাণকাৰ্যৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷ বশিষ্ঠ ঠাইখিনিৰ লগত ল'ৰালিৰ বহু অভিজ্ঞতা জড়িত থকাৰ কথাও প্ৰকাশ কৰে ডঃ সঞ্জীৱ নাৰায়ণে। শ্মশানৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰি যথেষ্ট সুখী বুলি তেওঁ জানিবলৈ দিয়াৰ লগতে সামৰ্থ থকা সকলোৱে এনে কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ডঃ নাৰায়ণে৷