• ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ

    আঞ্চলিক
    ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ

    কৰিমগঞ্জঃ ১২এপ্ৰিলত কৰিমগঞ্জৰ নিলামবজাৰ থানাৰ অন্তৰ্গত বালিয়াৰ ২০০ বছৰৰ পুৰণি ‘নৰসিংহ মন্দিৰ’ত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনীয়া দলটোক গ্ৰেপ্তাৰ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা সকলো সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।





    আৰু পঢ়িব পাৰিব কৰ’নাক্ৰান্ত হৈ সংগীতশিল্পী-অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ মৃত্যু






    কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক মায়াংক কুমাৰে এক সংবাদমেল যোগে এই তথ্য সদৰী কৰে। ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ছেলিম ডিমাপুৰলৈ পলাই গৈছিল। আৰক্ষীয়ে ডিমাপুৰৰ পৰা ছেলিমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব  পুনৰ ফেচবুকত বিধায়ক আমিনুলৰ বিতৰ্কিত মন্তব্য





    আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিৰ সন্মুখত প্ৰকাশ কৰা ভাষ্যমতে, ডকাইতি কাণ্ডত গ্ৰেপ্তাৰ হোৱা অধিকাংশয়ে ড্ৰাগছ সেৱনকাৰী। ড্ৰাগছ সেৱনৰ টকাৰ বাবে ডকাইতি কৰাটো সমাজৰ বাবে ভয়ংকৰ বুলি উল্লেখ কৰে অধীক্ষকগৰাকীয়ে।