Politics
গুৱাহাটী : একাংশ আৰক্ষীৰ লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়৷ ষোল্লগৰাকী আৰক্ষীৰ লোকক কৈফয়ৎ তলব কৰিছে ডিজিপি কাৰ্যালয়ে। দুৰ্ঘটনাত পতিত দুখনকৈ গাড়ীৰ গৰাকীক মাৰপিট কৰি ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ লোককেইজনৰ বিৰুদ্ধে।
এজন ব্যৱসায়ীৰ পৰা নিশাৰ পহৰাদাৰী আৰক্ষীয়ে লৈছিল দহ হাজাৰ টকা। ভুক্তভোগী ব্যৱসায়ীজনে অভিযোগ দিছিল আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত। ২৭ জুনত নিশা শৰাইঘাট দলঙত এই অপৰাধ সংঘটিত কৰিছিল পহৰাদাৰী আৰক্ষীৰ দলে।
এই অভিযোগ উত্থাপন হৈছে আমিনগাঁও আৰক্ষী চকীৰ জয়ন্ত শৰ্মা (কনিষ্টবল), চান চাহাব আলী (হাবিলদাৰ), দীপক চৌধুৰী (কনিষ্টবল), জিতেন নাথ, ফুলেশ্বৰ কলিতা, আৰু চাইদুৰ ৰহমান (গৃহৰক্ষী জোৱান), আমিনগাঁও যান-বাহন আৰক্ষীৰ জোৱান ক্ৰমে ৰিয়াজুদ্দিন আলী, মকিবৰ ৰহমান, চহৰাব আলী, চাহাবুদ্দিন আলী, শুৱালকুছি থানাৰ আনোৱাৰ আলী (কনিষ্টবল), চিকন্দৰ সাহাসহ শৰাইঘাট দলঙৰ পহৰাৰ দায়িত্বত থকা ছগৰাকী আৰক্ষীৰ লোকৰ বিৰুদ্ধে। আজি ডিজিপি কাৰ্যালয়ত তেওঁলোকক জেৰা কৰা হ’ব।
Leave A Comment