National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
লখিমপুৰ : লখিমপুৰত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ পুনৰবাৰ প্ৰকাশ পালে৷ এইবাৰ ঠেলাতেই সন্তান জন্ম দিলে প্ৰসূতিয়ে৷ নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰখনে যোৱা পাঁচটা বছৰত উন্নয়ন হোৱা বুলি দোহাৰি থাকিলেও ইয়াৰ বিপৰীত ছবি প্ৰকাশিত হৈছে জিলাখনত৷ জাতি-মাটি-ভেটি ৰক্ষাৰ কথাৰে সৰ্বতোপ্ৰকাৰে উন্নয়ন সাধন কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ প্ৰায় প্ৰতিটো বিভাগেই উন্নয়ন সাধন কৰাত ব্যৰ্থ যেন ধাৰণা হয়৷
আৰু পঢ়িব পাৰিব : কৃষক বিদ্ৰোহ : পথৰ ওপৰতে পকীঘৰ নিৰ্মাণ কৰিছে কৃষকে
পথ, যাতায়াত, স্বাস্থ্য বিভাগৰ ব্যৰ্থতাৰ বাবেই ঠেলাতে প্ৰসূতিয়ে সন্তান প্রসৱ কৰা ঘটনাই সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লখিমপুৰ নগৰৰ পৰা ১৫-২০ কিলোমিটাৰ নিলগৰ খগাত শনিবাৰে এই ঘটনা সংঘটিত হয়৷ প্ৰসৱ যন্ত্ৰণাত ছটফটাই থকা তেলাহী গাঁও পঞ্চায়তৰ এচেৰাকটাৰ ফুলি দলে নামৰ প্ৰসূতিগৰাকীক যাতায়াতৰ অভাৱত ঠেলাতে হাস্পতাললৈ লৈ যোৱা হৈছিল৷ আৰু পথতেই তেওঁ সন্তান জন্ম দিয়ে৷
আৰু পঢ়িব পাৰিব : তৃতীয় পৰ্যায়ৰ বাবে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা
পিছে আদবাটতে তেওঁৰ প্ৰসৱ যন্ত্রণা আৰম্ভ হয়। সৌভাগ্যক্ৰমে সেই স্থানত উপস্থিত হৈছিল লখিমপুৰ সমষ্টিৰ কংগ্রেছৰ প্ৰাৰ্থী ড০ জয় প্ৰকাশ দাসৰ পত্নী ডাঃ ৰশ্মিৰেখা বৰদলৈ আৰু তেওঁৰ সহায়ত ঠেলাতেই সুকলমে সন্তান জন্ম দিবলৈ সক্ষম হয় প্ৰসূতিগৰাকীয়ে৷
Leave A Comment