• ডাইনী সন্দেহত পুত্ৰই ঘপিয়াই হত্যা কৰিলে মাতৃক !

    আঞ্চলিক
    ডাইনী সন্দেহত পুত্ৰই ঘপিয়াই হত্যা কৰিলে মাতৃক !

    বিলাসীপাৰা : ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনীৰ সন্দেহত চাঞ্চল্যকৰ হত্যাকাণ্ড। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো অন্ধবিশ্বাসৰ বলি হৈ নিজ পুত্ৰই হত্যা কৰিলে মাতৃক৷ এই জঘন্য ঘটনা সংঘটিত হৈছে পৰ্বতঝোৰা মহকুমাৰ অতি দুৰ্গম অঞ্চলৰ মতিঝোৰা প্ৰথম খণ্ড গাঁৱত। ডাইনীৰ সন্দেহত পুত্ৰই নিজ মাতৃক কুঠাৰেৰে ঘপিয়াই হত্যা কৰি পেলাই দিয়ে ঘন জংঘলত।





    বুধবাৰে নিশা টিপকাই আৰক্ষীয়ে ঘন জংঘলৰ পৰা উদ্ধাৰ কৰে মৃতদেহ। আজি মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে বগৰীবাৰী আৰক্ষীয়ে। ইয়াৰ পাছতে হত্যাকাৰী মংগল মুৰ্মুক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোত লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।





    ইফালে সাংবাদিকৰ আগত হত্যাকাণ্ডৰ কথা অকপটে স্বীকাৰ কৰে মংগল মুৰ্মুই। নিজৰ মাতৃ ডুমনি মাৰ্ডী (৬০) ডাইনী হয় বাবে হত্যা কৰে। মংগলৰ মতে কিছুমান পুৰ্বে ডুমনি মাৰ্ডীয়ে ডাইনী হৈ হত্যা কৰিছিল নিজৰ বিবাহিতা কন্যাক। নিজৰ বাইদেউক মাতৃয়ে হত্যা কৰাৰ বাবে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে বুলি হত্যাকাৰী পুত্ৰ মংগলে চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে।