• ডাম্পাৰৰ খুন্দাত আহত গৰ্ভৱতী মহিলাঃ পৰিস্থিতি উত্তপ্ত

    আঞ্চলিক
    ডাম্পাৰৰ খুন্দাত আহত গৰ্ভৱতী মহিলাঃ পৰিস্থিতি উত্তপ্ত

    যোৰহাটঃ যোৰহাট জিলাৰ ৰজাহাউলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী গৰ্ভৱতী মহিলা। দুৰ্ঘটনাক কেন্দ্ৰ কৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ নাম হৈছে দীপ্তি দাস। আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত ‘যোৰহাট চিকিৎসা মহাবিদ্যালয়’লৈ প্ৰেৰণ কৰা হয়।





    আৰু পঢ়িব পাৰিব: চেন্নাইৰ বিৰুদ্ধে পৰাজয়েই নহয়, মৰ্গানৰ মূৰত জৰিমনাৰো বোজা…





    তাৰ পাছতে পৰিস্থিতিয়ে ভয়াৱহ ৰপ লয়। উত্তেজিত ৰাইজে কেইবাখনো ডাম্পাৰ ভাঙি লণ্ডভণ্ড কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে ফ’ৰলেন নিৰ্মাণৰ বাবে প্ৰশাসনৰ অনুমতি সাপেক্ষে ব্ৰহ্মপুত্ৰৰ পৰা ডাম্পাৰযোগে পলস অনা হয় জেবি ৰোডেৰে।





    আৰু পঢ়িব পাৰিব: ঐশ্বৰ্য্য ৰায়ৰ সৈতে প্ৰথমে কিদৰে লগ হৈছিল ‘প্ৰডাকচন বয়’ অভিষেক





    স্থানীয় ৰাইজৰ অভিযোগ, এই ডাম্পাৰসমূহ চলাচল কৰাৰ বাবে ৰাইজৰ অসুবিধা হয়। সেয়েহে চলাচল বন্ধ কৰিব লাগে বুলি আজি ক্ষুদ্ব ৰাইজে প্ৰতিবাদ কৰি সাংবাদিককো সংবাদ সংগ্ৰহ কৰাত বাধাপ্ৰদান কৰাৰ লগতে বেয়া ব্যৱহাৰো কৰে। আৰক্ষীকো বেয়া ব্যৱহাৰ কৰে ৰাইজে। গাড়ী ভাঙি থকা দৃশ্য মোবাইলত বন্দী কৰিবলৈ যোৱা কেইবাগৰাকীও যুৱকৰ মোবাইল ভাঙে জনতাই।