• ডিগবৈত ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পাঁচ শিক্ষকৰ দেহত ক’ভিড-১৯ : আতংকিত ছাত্র-ছাত্ৰী

    আঞ্চলিক
    ডিগবৈত ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পাঁচ শিক্ষকৰ দেহত ক’ভিড-১৯ : আতংকিত ছাত্র-ছাত্ৰী

    ডিগবৈঃ ৰাজ্যত কৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তেই বিগত তিনিটা দিনত ডিগবৈত ৩৯জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে আজি ডিগবৈ নগৰৰ মাজমজিয়াত থকা হিন্দী মাধ্যমৰ ৰাষ্ট্ৰীয় বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তেই পাঁচজন শিক্ষক ক্ৰমে- বিবেক ৰাজ, ৰশ্মিৰেখা বড়ো, ইভা ডেকা, ৰিংকুৰাণী দাস আৰু মৌমিতা ভট্টাচাৰ্যৰ দেহত ক’ভিডৰ উপস্থিতিয়ে দেখা দিয়াৰ লগে লগেই বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।





    আৰু পঢ়িব পাৰিব: দিল্লীৰ ‘দুই গুণ্ডা’ৰ বিৰুদ্ধে মমতাৰ ৰণহুংকাৰ





    সাধাৰণ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি নহ’লে ক’ভিডৰ দ্বিতীয় সংক্ৰমণে সমগ্ৰ ডিগবৈ অঞ্চলতে গণসংক্ৰমণৰ ৰূপ ল’ব, সেয়া নিশ্চিত!