জীৱন শৈলী
ডিফু: অৰুণাচলত দুজনকৈ অইলৰ কৰ্মচাৰী অপহৃত হোৱাৰ ঘটনাৰ পাছতে ডিফুত এগৰাকী অধিবক্তাক অপহৰণৰ চেষ্টা চলোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ CJM আদালতৰ এগৰাকী মহিলা অধিবক্তাক অপহৰণৰ চেষ্টা চলাইছিল অধিবক্তাগৰাকীৰ গাড়ীচালক আৰু এজন দুৰ্বৃত্তই৷
আৰু পঢ়িব পাৰিব : ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ
গাড়ীৰ ভিতৰতে মুখত কাপোৰ বান্ধি চেষ্টা চলাইছিল অপহৰণৰ৷ অপহৰণকাৰীয়ে মুক্তিপণ দাবী কৰিছিল ১ কোটি টকা৷ বৰলাংফেৰত্ গাড়ীৰ চকা ফুটাত ব্যৰ্থ হ’ল অপহৰণকাৰী৷ আৰক্ষীৰ তত্পৰতাত উদ্ধাৰ হয় অধিবক্তাগৰাকী৷
আৰু পঢ়িব পাৰিব : ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ
আটক কৰা হয় গাড়ীচালক অমিত টংলাক৷ বৰ্তমান পলাতক আনটো অপহৰণকাৰী৷ ১৬ জানুৱাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা৷ ঘটনাটো পোহৰলৈ অহাত দুৰ্বৃত্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ৷
Leave A Comment