জীৱন শৈলী
ডিফুঃ ভোগালীৰ আনন্দৰ মাজতে ডিফুত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ ডিফুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ যোগ বিষয়ৰ শিক্ষকক হত্যা কৰিছে কোনো দুৰ্বৃত্তই৷ ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকগৰাকী নগাঁৱৰ পানীগাঁৱৰ তন্ময় দাসৰ মৃতদেহ আজি পুৱা ডিফুৰ ৰংমংৱেত উদ্ধাৰ হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয়।
আৰু পঢ়িব পাৰিব : কাইলৈৰ পৰা আৰম্ভ প্ৰতিষেধক প্ৰক্ৰিয়া : অসমত কোনে পাব প্ৰথম ভেকচিন ?
প্ৰায় তিনিবছৰ ধৰি ডিফু কেন্দ্ৰীয় বিদ্যালয়ত ঠিকাভিত্তিত কাম কৰি থকা শিক্ষকগৰাকীয়ে কালি নিশা ১১ বজালৈকে নগাঁৱত থকা দেউতাকৰ লগত কথা পাতিছিল ৷ সেয়ে নিশা শিক্ষকগৰাকীক ভাৰাঘৰৰ পৰা কোনো লোকে মাতি আনি হত্যা কৰি মৃতদেহটো ৰংমংৱেত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ শিক্ষকগৰাকীয়ে ডিফুৰ পি বি বজাৰৰ ওচৰত ভাৰাতীয়া হিচাপে আছিল৷ মৃতদেহ পোৱা ঠাইৰ পৰা তেওঁ থকা ঠাইৰ দূৰত্ব প্ৰায় এক কিলোমিটাৰ হ’ব৷
আৰু পঢ়িব পাৰিব : চোৰাং বেহাৰ ৰম্যভূমি ধুবুৰীত এইবাৰ শিল-বালিৰ ছিণ্ডিকেট
সেয়ে নিশা কোনো চিনাকী লোকে ফোন কৰি মাতি আনি এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে৷ এগৰাকী চিকিৎসকে পুৱাতে মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে এইটো হত্যাকাণ্ড বুলি স্পষ্ট কৰাৰ লগতে তদন্তত সকলো কথা স্পষ্ট হ’ব বুলি কয়৷
Leave A Comment