• ডিব্ৰুগড়ত একেগৰাকী ৰোগীৰ দেহত দুটা ভেৰিয়েণ্ট

    আঞ্চলিক
    ডিব্ৰুগড়ত একেগৰাকী ৰোগীৰ দেহত দুটা ভেৰিয়েণ্ট

    ডিব্ৰুগড় : ৰাজ্যত ক’ভিডৰ দুয়োটা ভেৰিয়েণ্ট ধৰা পৰিছে৷ ডিব্ৰুগড়ত একেগৰাকী ৰোগীৰ দেহত ধৰা পৰিছে ডেল্টা ভেৰিয়েণ্টৰ লগতে আলফা ভেৰিয়েণ্ট৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা চিকিৎসকৰ দেহত পোন প্ৰথমৰ বাবে এই দুয়োটা ভেৰিয়েণ্ট ধৰা পৰিল৷





    সম্প্ৰতি এএমচিএইচত চিকিত্সাধীন হৈ আছে মহিলাগৰাকী৷ ICMR পৰীক্ষাত ইতিমধ্যে নিশ্চিত কৰা হৈছে এই তথ্য৷ ইতিমধ্যে নিশ্চিত হোৱাৰ লগে লগে AMCH কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি চিকিৎসাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।





    আলফা-ডেল্টা ভাইৰাছ সংক্ৰমিত ৰোগীৰ পৰা আহে এই ভাইৰাছ৷ চিকিত্সকগৰাকী এনে ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবে সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে৷