• ডিব্ৰুগড়ত ক’ভিডত মৃত্যু ১১ মহীয়া শিশুৰ

    আঞ্চলিক
    ডিব্ৰুগড়ত ক’ভিডত মৃত্যু ১১ মহীয়া শিশুৰ

    ডিব্ৰুগড় : মহামাৰী ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে কণ-কণ শিশুসকলো৷ ৰাজ্যৰ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটি ১১ মহীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে শিশুসকলক লৈ। টিংখাঙৰ বাহনি গাঁৱৰ ৰবি কুমাৰ লিম্বু আৰু মমিতা লিম্বুৰ একমাত্ৰ সন্তান আয়ান লিম্বু নামৰ শিশুটিৰ শনিবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।





    আৰু পঢ়িব পাৰিব : মাছ ধৰিবলৈ যোৱা নাবালিকাক যৌন নিৰ্যাতন ! আটক অভিযুক্ত





    পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে শুকুৰবাৰে নিশা শিশুটিৰ ডিঙি বিষ , উশাহ-নিশাহ সমস্যা দেখা দিয়াত শনিবাৰে পুৱা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। তাতে শিশুটিৰ দেহত ক'ভিড ১৯ পজিটিভ ধৰা পৰে আৰু শনিবাৰে সন্ধিয়ালৈ কণমানিটোৱে কৰুণ ভাৱে মৃত্যুক আকোঁৱালি লয়।





    আৰু পঢ়িব পাৰিব : আজিৰ পৰা কাৰ্যকৰী নতুন এছঅ’পি : দেওবাৰে মৃত্যু ৩৭জনৰ





    উল্লেখ্য যে ক'ভিড টেষ্ট ত শিশুটিৰ গাত পজিটিভ ধৰা পৰাৰ বিপৰীতে পিতৃ মাতৃৰ নিগেটিভ আহিছিল।
    শিশুটিৰ অকাল বিয়োগত এতিয়া ঘৰখনৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।