ডিব্ৰুগড় : ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত লজ্জাজনক ঘটনাৰ দোষীক শিৱসাগৰত গ্ৰেপ্তাৰ৷ ১৪ ছেপ্তেম্বৰত সংঘটিত হৈছিল এই লজ্জাজনক কাণ্ড৷ এগৰাকী মহিলাক কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত অসৎ ব্যৱহাৰ কৰাৰ অপৰাধত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ নামৰ এটা লম্পটক৷
শিৱসাগৰ ৰাজ্যিক পৰিবহন বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ ওৰফে ৰিতু নন্দেশ্বৰ শেনছোৱাক৷ শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে কৰায়ত্ব কৰে ৰিতুৰাজক৷
শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জা কৰোতেই আৰক্ষীৰ জালত পৰিল ৰিতুৰাজ৷ উল্লেখ্য যে কালি কুচৰিত্ৰৰ ৰিতুৰাজে মহিলাগৰাকীৰ অজ্ঞাতেই বেংকতে অসৎ কাৰ্য্য চৰিতাৰ্থ কৰাৰ বাবে চেষ্টা চলাইছিল৷ এই অসৎ কাৰ্যৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি, পি সিঙেও টুইট যোগে ৰিতুৰাজ গগৈক গ্ৰেপ্তাৰৰ কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে অভিনেতা হিচাপে পৰিচিত ৰিতুৰাজে বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে৷
Leave A Comment