National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
মঙলদৈ : ডিব্ৰুগড়ৰ ষ্টেটবেংকত সংঘটিত হোৱা লজ্জাজনক নাৰী নিৰ্যাতন কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ মঙলদৈতো ঘটিছে লজ্জাজনক ঘটনা। ৰাজহুৱা স্থানতে যুৱতীক উদ্দেশ্য কৰি বিকৃত যৌন আকাংক্ষা চৰিতাৰ্থ কৰাৰ ভিডিঅ’ই এতিয়া সৰ্বত্ৰে চাঞ্চল্য সৃষ্টি কৰিছে। বৰ্তমান সময়ত গো-সুৰক্ষাক লৈ তৎপৰ বিজেপি চৰকাৰৰ দিনতো মহিলা-তথা যুৱতীৰ সুৰক্ষা অনিশ্চিত হৈ ৰৈছে৷ ৰাজ্য প্ৰতিদিনে সংঘটিত হৈ আহিছে নাৰী নিৰ্যাতনৰ শিহৰণকাৰী ঘটনা৷ ডিব্ৰুগড়ৰ ষ্টেট বেংকৰ কাণ্ডৰ পাছত এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে আন এক শিহৰণকাৰী ঘটনাৰ দৃশ্য৷ নিশাৰ আন্ধাৰত নহয় দিনৰ পোহৰতে যুৱতীৰ ওপৰত চলোৱা হ’ল মানসিক আতিশয্য৷
এইবাৰ অটো চালকে যুৱতীৰ সন্মুখতে বিকৃত যৌন আকাংক্ষা চৰিতাৰ্থ কৰাৰ প্ৰয়াস কৰি সংঘটিত কৰিলে দুষ্কাৰ্য৷ চলন্ত অটোৰিক্সাত অশ্লীল কৰ্মৰে যুৱতীক যাত্ৰীৰ ওপৰত চলোৱা হ’ল মানসিক আতিশয্য৷ এই সমগ্ৰ ঘটনা গোপনে কৰা ৰেকৰ্ডিঙত পোহৰলৈ আহে৷ মঙলদৈ যুৱক এজনে ছ’চিয়েল মিডিয়াত সমাজ লজ্জানত কৰা এই ভিডিঅ’ আপলোড কৰাৰ পাছতেই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হয়৷ নিমিষতে ভাইৰেল হৈ পৰে ভিডিঅ’টো৷ উল্লেখ্য যে, দৰঙৰ যুৱকজনে নিজৰ পেজত আপলোড কৰিছিল এটি নিৰ্লজ্জ দৃশ্যৰ ভিডিঅ’৷
সভ্য সমাজক লজ্জানত কৰা এই কাণ্ড মঙলদৈ ভেবাৰঘাটৰ পৰা যোৱাৰ পথত এজন অটোৰিক্সাৰ চালকে সংঘটিত কৰা বুলি প্ৰকাশ কৰি পোষ্ট দিছিল যুৱকজনে৷ ভিডিঅ'টোত অটো চালকৰ দুয়ো-কাষে দুজনী কলেজীয়া যুৱতী বহিছিল আৰু চালকজনে যাত্ৰীৰ সন্মুখতে নিজৰ বিকৃত যৌন আকংক্ষা চৰিতাৰ্থ কৰিছিল৷ বাওঁ কাষত বহি অহা যাত্ৰীগৰাকীয়ে মোবাইলেৰে সমস্ত ঘটনা ৰেকৰ্ডিং কৰিছিল৷ ইপিনে, ভাইৰেল হোৱা ভিডিওটো মঙলদৈৰ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে৷ ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে মুকুল আলী নামৰ অটো চালকজনক গ্ৰেপ্তাৰ কৰিছে দৰং আৰক্ষীয়ে৷ লগতে ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰা যুৱকজনকো আটক কৰি তেওঁৰ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে৷
Leave A Comment