• ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শুভাৰম্ভ বড়ো মাধ্যমৰ পাঠদান

    আঞ্চলিক
    ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শুভাৰম্ভ বড়ো মাধ্যমৰ পাঠদান

    ডিজিটেল ডেস্কঃ এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়াল। এতিয়াৰে পৰা স্বতন্ত্ৰভাৱে আৰম্ভ হ’ল বড়ো মাধ্যমৰ পাঠদান। উজনিৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ বিভাগৰ সংখ্যা বৃদ্ধি পালে ১৮টালৈ। আজি অত্যাধুনিক বড়ো মাধ্যমৰ ভৱনৰ বিভাগটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপন কৰা বড়ো বিভাগৰ অত্যাধুনিক ভৱনটি উদ্বোধন কৰে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে।





    অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ উপস্থিতিত ২০১৫ চনতে নিৰ্মাণ আৰম্ভ কৰা অত্যাধুনিক ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। বড়ো সাহিত্য সভাৰ সভাপতি তৰেন চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত আদৰণী ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকাই।





    অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, উপাচাৰ্য ড০ লীলাকান্ত নাথ, পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকা, উপায়ুক্ত বিশ্বজিত পেগু, অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ভীমকান্ত বৰুৱা, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দীপেন বড়ো, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী আদি বিষয়ববীয়াসকল উপস্থিত থাকে।