ৰাষ্ট্ৰীয়
ডিমৌঃ গৰুবিহুৰ নিশা ডিমৌ সমীপৰ শুকান পুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে নিহত দুজন আহত তিনিজনকৈ যুৱক। মটৰ চাইকেল আৰু স্কুটীৰ মাজত মুখামুখি সংঘর্ষত নিহত যুৱক দুজন। AS-04-X-9629 স্কুটী আৰু AS-04-C-9479 মটৰ চাইকেলৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।
আৰু পঢ়িব পাৰিব : কাৰাগাৰৰ পৰাই ৰঙালীৰ শুভেচ্ছা জনালে অখিলেঃ বন্দিত্বৰ জীৱনে ৪৮৮টা দিন অতিক্ৰম
নিহত দুজন শুকান পুখুৰীৰ গায়েন গাঁৱৰ অনিৰ্বাণ শইকীয়া আৰু দীচাং ৰজাবাৰী চুমণিবস্তিৰ সঞ্জয় দাস বুলি চিনাক্ত হৈছে। আন কেইজন ক্ৰমে জাপিসজীয়া গাঁৱৰ আমান আলী, ডিমৌ গায়ন গাঁৱৰ কিশোৰ শইকীয়া, প্ৰাঞ্জল শইকীয়া। গুৰুতৰভাৱে আহত যুৱক কেইজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
আৰু পঢ়িব পাৰিব : জোনাই চিমেন চাপৰিত বৈশাগু উদ্যাপন : মুম্বাইৰ পৰা অহা অতিথিয়ে উপভোগ কৰিলে বাগুৰুম নৃত্য
ইফালে, এম্বুলেন্সৰ পলম হোৱাত একাংশ উত্তেজিত লোকে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চৌহদ উত্তপ্ত কৰি তুলে। চিকিৎসালয়খনৰ গ্লাছ আৰু ফুলৰ টাব ভঙাৰ উপৰি একাংশ যুৱকে এম্বুলেন্সৰ গ্লাছো ভাঙি পেলায়।
Leave A Comment