• ডিম্পল হত্যাকাণ্ড : সন্দেহৰ আওতাত ৩ জনক জেৰা আৰক্ষীৰ

    আঞ্চলিক
    ডিম্পল হত্যাকাণ্ড : সন্দেহৰ আওতাত ৩ জনক জেৰা আৰক্ষীৰ

    গুৱাহাটী : মহানগৰীৰ মাজমজিয়াত বুধবাৰে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়৷ ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনা মাৰ নাযাওঁতেই মহানগৰী উজানবজাৰত এগৰাকী কিশোৰীক হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্য৷ ডিম্পল কুমাৱত নামৰ কিশোৰীগৰাকীক ঘৰৰ ভিতৰতে হত্যা কৰে৷ ইতিমধ্যে হত্যাকাণ্ডটোত জড়িত থকাৰ সন্দেহত তিনিজনক জেৰা কৰিছে মহানগৰ আৰক্ষীয়ে৷





    জানিব পৰা মতে মৃত ডিম্পলৰ জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাসহ এজন বন্ধুৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱা ভাড়াঘৰৰ এগৰাকী ভাৰাতীয়াক জেৰা চলইছে আৰক্ষীয়ে৷ ঘটনাক লৈ এতিয়াও ৰহস্য আঁতৰা নাই৷ এতিয়াও উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ মোৱাইল ফোন৷ আউট অফ ৰেঞ্জত ডিম্পলৰ মোৱাইল নেটৱৰ্ক৷





    তথ্য অনুসৰি, শেষবাৰৰ বাবে ডিম্পলৰ ফোনত ১১ বজাত আহিছিল পিতৃৰ ফোন৷ আৰু সেই সময়ত ডিম্পলৰ পিতৃৰ ফোন ধৰিছিল আশীকে৷ ডিম্পল সেইসময়ত বাথৰুমত থকা বুলি কৈছিল আশীকে৷ আনহাতে আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি হত্যাকাণ্ডক ডকাইতি ৰূপ দিয়াৰো সন্দেহ আত্মীয়ৰ৷