National
Digital Desk: External Affairs Minister Dr. S Jaishankar will represent India at the swearing-in ceremony of US President-elect Donald Trump on January 20. Donald Trump is set to become the 47th President of the
ডুমডুমাঃ ডুমডুমাৰ হাঁহচৰাৰ পথাৰ গাঁৱত আজি পুৱাই এটা মৃতদেহ উদ্ধাৰ হয়| মৃতদেহটো স্থানীয় এগৰাকী মহিলা ৰশ্মি গোস্বামী(৪২)ৰ বুলি চিনাক্ত কৰা হয়| পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২৬ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত কাষৰ এঘৰত যাবলৈ ওলোৱাৰ পাছৰেপৰা মহিলাগৰাকী নিৰুদ্দিষ্ট হৈ আছিল|
নিজ ঘৰৰ নিশ্চয় কাষত এটা নিৰ্মীয়মাণ ঘৰৰ ভিতৰত খাল এটাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে| ডুমডুমা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও মৃতদেহৰ ওপৰত দুটা প্ৰকাণ্ড শিল প্ৰত্যক্ষ কৰি এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে| সদৌ অসম ভোজপুৰি যুৱ-ছাত্ৰ পৰিষদে ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনাইছে|
Leave A Comment