• ডেৰ বছৰৰ পাছত পৰিয়ালৰ সৈতে অখিল গগৈ

    আঞ্চলিক

    শিৱসাগৰ : দীৰ্ঘদিনৰ মূৰত পৰিয়ালৰ সৈতে শিবসাগৰৰ বিধায়ক তথা বিগত ডেৰ বছৰ ধৰি কাৰাৰুদ্ধৰ জীৱন কটোৱা অখিল গগৈ৷ দুদিনৰ বাবে পেৰলত মুক্ত হৈছে গগৈ৷ মাতৃ আৰু পুত্ৰক সাক্ষাতৰ অনুমতি দিছিল নিয়া আদালতে৷ তাৰপাছতেই নিশা নিজৰাপাৰৰ বাসগৃহত কটালে অখিল গগৈয়ে৷

    পত্নী আৰু পুত্ৰক কাষত পাই আৱেগিক হৈ পৰে বিধায়কজন৷ পুৱাই মাতৃক সাক্ষাতৰ বাবে যোৰহাটলৈ ৰাওনা হয় তেওঁ৷ নিৰাপত্তা বেহুৰ মাজত লুখুৰাখনলৈ ৰাওনা অখিল৷ পুত্ৰক কাষত পাবলৈ অধীৰ অপেক্ষা ব্যাকুল মাতৃৰ৷ অখিলৰ ঘৰলৈ ৰাওনা ৰাইজৰ দলৰ বহু নেতা-কৰ্মী৷ আৰক্ষীৰ আচৰণক লৈ ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ৷ বিগত ডেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ৷

    Weather Forecast