Sports
"Signing off fr
গুৱাহাটী : বহু শংকা আৰু আনন্দৰ মাজত প্ৰায় ডেৰ বছৰৰ মূৰত আজিৰে পৰা আৰম্ভ হ'ব শিক্ষানুষ্ঠানত পাঠদান৷ উচ্চতমৰ মাধ্যমিকৰ পৰা চুড়ান্ত বৰ্ষলৈ হ'ব এই পাঠদান৷ দুসপ্তাহ পাছত আৰম্ভ হ’ব পাৰে হাইস্কুলৰো পাঠদান৷ পৰিস্থিতি নিৰীক্ষণ কৰি প্ৰশাসনে ব্যৱস্থা ল’ব বুলি সদৰী কৰে৷ মহাবিদ্যালয়মসূহৰ কৰ্তৃপক্ষই ভেকচিন লোৱা ছাত্র-ছাত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। মহাবিদ্যালয়ৰ শ্ৰেণী কোঠা সমূহ সম্পূৰ্ণ চেনিটাইজ কৰা হৈছে ৷
মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ ছাত্ৰী সকলক হেণ্ড চেনিটাইজ কৰোৱাৰ ব্যৱস্থাও কৰিছে ৷ সমান্তৰালভাৱে গুৱাহাটীৰ উচ্চ ন্যায়ালয়কে ধৰি ৰাজ্যৰ সকলো আদালতে ভাৰ্ছুৱেল ব্যৱস্থাৰ পৰিবৰ্তে প্ৰতক্ষ্যভাৱে কাম-কাজ আৰম্ভ কৰিব৷
কৰ'না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ আছিল বিদ্যালয়কে ধৰি ন্য়ায়ালয়ো৷ আজি পৰা আকৌ পূৰ্বৰ দৰে কাম-কাজ সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে৷ বহু দিনৰ বিৰতীৰ মূৰত নিজৰ মহাবিদ্যালয়লৈ যাৱলৈ পায় আনন্দ প্ৰকাশ কৰে শিক্ষাৰ্থীয়ে৷
Leave A Comment