• ড্ৰাগছ আসক্ত স্বামীৰ বাবে সন্তানৰ পৰা বিচ্ছেদিত হ’ল এগৰাকী মাতৃ

    আঞ্চলিক
    ড্ৰাগছ আসক্ত স্বামীৰ বাবে সন্তানৰ পৰা বিচ্ছেদিত হ’ল এগৰাকী মাতৃ

    মৰিগাঁও : স্বামীৰ বাবে সন্তানৰ পৰা বিচ্ছেদিত হ’ল মাতৃ৷ লাহৰীঘাটৰ দাতিয়াল বড়ী গাঁৱত এগৰাকী মাতৃৰ হিয়া ভগা কান্দোন৷ লাহৰীঘাট আৰক্ষীৰ অমানবীয় কাণ্ডৰ বলি হয় মাতৃগৰাকী। নিজৰ আঢ়ৈ বছৰীয়া দুগ্ধ পুষ্ট সন্তানক বুকত নাপাই কান্দিছে মাতৃ গৰাকীয়ে৷উল্লেখ্য যে শুক্ৰবাৰে ৰুক্মিনা বেগম নামৰ এইগৰাকী মাতৃয়ে স্বামী আমিনুল হকৰ বিৰুদ্ধে লাহৰীঘাট থানাত গোচৰ তৰিছিল।





    ড্ৰাগছ আসক্ত, তথা সৰবৰাহকাৰী স্বামী আমিনুলে আধাৰ কাৰ্ড বনাম বুলি আঢ়ৈ বছৰীয়া পুত্ৰক ৰুক্মিনাৰ বুকুৰ পৰা আনি ৪০ হাজাৰ টকাত বিক্ৰী কৰিছিল ড্ৰাগছৰ বাবে৷ ৰুক্মিনাৰ এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে ৰুক্মিনাৰ আঢ়ৈ বছৰীয়া পুত্ৰক উদ্ধাৰ কৰি ৰুক্মিনাক চমজাই দিছিল। কিন্তু হঠাৎ ঘটনাৰ পট পৰিবৰ্তন । উদ্ধাৰ হোৱা সন্তানটোক লাহৰীঘাট আৰক্ষীয়ে মাতৃৰ বুকুৰ পৰা কাঢ়ি আনি পুণৰ প্ৰক্ষেপ কৰিলে চাইল্ড হুমত।ইফালে ব্যক্তিগত জামিনত মুকলি কৰি দিলে কৰায়ত্ব ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ আসক্ত ৰুক্মিনাৰ স্বামী আমিনুলক।





    ৰুক্মিনাৰ অভিযোগ মতে, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৱে সাংবাদিকৰ আগত সবিশেষ দাঙি ধৰাৰ বাবে ৰুক্মিনাক ককৰ্থনা কৰি সন্তান টি চাইল্ড হুমলৈ প্ৰেৰণ কৰে। কাৰণ সংবাদ মাধ্যমত ৰুক্মিনাই কৰা অভিযোগে লাহৰীঘাট আৰক্ষীৰ ড্ৰাগছ বিৰূধী অভিযানৰ ফোপোলা স্বৰুপ উদঙাই দিছিল। সন্তানক ঘুৰাই পায়ো পাশান আৰক্ষীৰ আক্ৰোশৰ বাবে সন্তানৰ পৰা আতৰি থাকি কান্দোনত এতিয়া ভাগি পৰিছে মাতৃ ৰুক্মিনা।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor