• ড্ৰাগছ চক্ৰৰ সৈতে কন্দলৰ বাবেই অপহৃত হৈছিল অজিত

    আঞ্চলিক
    ড্ৰাগছ চক্ৰৰ সৈতে কন্দলৰ বাবেই অপহৃত হৈছিল অজিত

    গুৱাহাটী : গুৱাহাটীৰ অপহৰণকাণ্ডৰ নতুন মোৰ৷ এইবাৰ ড্ৰাগছ কেলেংকাৰিত সাঙোৰ খালে অজিত দাসৰ নাম৷ ইতিমধ্যেই পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দাসক৷ তথ্য় অনুসৰি, ড্ৰাগছ চক্ৰই অপহৰণ কৰিছিল দাসক৷ মৰিগাঁৱৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিল দাসক৷ ড্ৰাগছ চক্ৰৰ সৈতে কন্দলৰ বাবেই অপহৃত হৈছিল তেওঁ৷ ঘটনা পোহৰলৈ অহাৰ পাছতে অজিতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল বুলি জানিবলৈ পোৱা গৈছে ৷





    উল্লেখ্য যে অজিত দাস অপৰহণ কাণ্ডৰ বাবে সোমবাৰে নিশা ঘগুৱা পাহাৰত গুলীবিদ্ধ কৰা হৈছিল এজন কনিষ্টবলক৷ পলাবলৈ লওতে গুলীচালনা কৰিলে আৰক্ষীয়ে৷ কনিষ্টবল জন আছিল ৰাজবাবু সিং৷ তাৰপাছতে চাংসাৰি থানালৈ নিয়া হৈছে অজিত দাসক৷