• ড্ৰাগছ বিৰোধী অভিযান: জব্দ ব্ৰাউন ছুগাৰসহ নগদ ধন

    আঞ্চলিক
    ড্ৰাগছ বিৰোধী অভিযান: জব্দ  ব্ৰাউন ছুগাৰসহ নগদ ধন

    গুৱাহাটীঃ মৈৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। মঙলবাৰে পলাশজুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। এনকাউণ্টাৰৰ ভয়ত পলাশজুৰিত ম'ষ্ট ৱাণ্টেড ড্ৰাগছ ব্যৱসায়ী আশ্বাদুলৰ বিলাসী বাহন ৰাস্তাত এৰি পলায়ন কৰে। আশ্বাদুলৰ ঘৰত মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই ১৪৯.৭৬ গ্ৰাম ব্ৰাউন ছুগাৰসহ ৫,৫৪০০০ নগদ ধন উদ্ধাৰ কৰে। আশ্বাদুলৰ AS 03 M 3535 নম্বৰৰ বিলাসী বাহনখনৰ লগতে লক্ষিমপুৰীয়া মহিলি ড্ৰাগছ পেডেলাৰৰ AS07B 0648 নম্বৰৰ আন এখন বিলাসী বাহন।





    মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ সীমিত সংখ্যক আৰক্ষী বাহিনীৰ সহায়ত সাহসী পদক্ষেপ গ্ৰহণ কৰে। গ্ৰেপ্তাৰ কৰা হয় আশ্বাদুলৰ পত্নী ছালমা খাতুন(৩০)সহ সুদুৰ লক্ষিমপুৰৰ ছাকিনা বেগম (৩৩), জমিৰ উদ্দিন (৩৫), ইউনিছ আলী (২২) নগাঁৱৰ ধিং গেটৰ ছফিকুল ইছলাম (৩৮) আৰু নগাঁও জিলাৰ গৰৈমাৰীৰ জহিৰুল ইছলাম (২৪)ক। আশ্বাদুলৰ বাসগৃহৰ বহুঠাইত উদ্ধাৰ ড্ৰাগছৰ অলেখ কণ্টেনাৰ। মাটিৰ তলত, খেৰৰ মেজি, ঘৰৰ বাকচ সকলোতে ব্ৰাউন ছুগাৰ আৰু টকাৰ টোপোলা উদ্ধাৰ। অ’চি মৃদুল হাজৰিকাৰ সৈতে যোৱা আৰক্ষীৰ দলে প্ৰথমে ২০ টা কণ্টেইনাৰসহ নগাঁৱৰ ধিং গেটৰ ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম আৰু নগাঁও জিলাৰ গৰৈমাৰীৰ জহিৰুল ইছলামক কৰায়ত্ত কৰে। এই দুই পেডেলাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে মৈৰাবাৰী থানাৰ সীমামূৰীয়া পলাশজুৰিৰ আশ্বাদুলৰ ঘৰত মঙলবাৰে চলিছিল আৰক্ষীৰ তালাচী। এই আশ্বাদুলৰ পলাশজুৰিৰ ঘৰৰ পৰাই মৰিগাঁও, নগাঁৱৰ লগতে লখিমপুৰ, তেজপুৰ, যোৰহাট, শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ আৰু ব্ৰাউন ছুগাৰ সৰবৰাহ কৰি থকা কথাটো সৰ্বজন বিদিত যদিও অপৰাধীৰ ৰম্যভূমি পলাশজুৰিত নিৰাপত্তাজনিত কাৰণতে আৰক্ষীয়ে অভিযান চলাবলৈ ভয় কৰিছিল। আশ্বাদুলৰ পৰা ব্ৰাউন ছুগাৰ ক্ৰয় কৰিবলৈ অহা লক্ষীমপুৰৰ ছকিনা বেগম, জমিৰ উদ্দিন আৰু ইউনিউচ আলীকো গ্ৰেপ্তাৰ হয় মৈৰাবাৰী আৰক্ষীৰ হাতত। আশ্বাদুলে ঘৰত মাটিত গাঁত খান্দিও লুকুৱাই ৰাখিছিল ব্ৰাউন ছুগাৰ। আৰক্ষীয়ে ১৪৯.৭৬ গ্ৰাম ব্ৰাউন ছুগাৰ, অসংখ্য খালী কণ্টেনাৰ আৰু ৫,৫৪০০০ হাজাৰ নগদ ধন জব্দ কৰে।