North East
Digital Desk: Meghalaya Chief Minister Conrad K. Sangma on Wednesday held a video conference meeting with the President of the Indian Olympic Association (IOA) PT Usha. The officials of the Meghalaya Olympic
নৰৱেঃনৰৱেৰ ফুটবল খেলুৱৈসকলে ষ্টেডিয়ামতে বাহিৰৰ মহিলাসকলৰ সৈতে অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱাৰ বাতৰি পোহৰলৈ আহিছে। ঘটনাৰ আওতাত এজন ফুটবলাৰক ক্লাবৰ পৰা বহিষ্কাৰ কৰা হৈছে। আনহাতে, ঘটনাটোত জড়িত বাকী দহজন ফুটবলাৰলৈ সতৰ্কবাণী জাৰি কৰিছে কৰ্তৃপক্ষই।
নৰৱেৰ সংবাদ মাধ্যমৰ মতে, ক্লাবৰ ১২ জন ফুটবলাৰে এখন হোটেলত নৈশ ভোজনৰ বাবে ওলাই গৈছিল। তাৰ পৰা তেওঁলোকে নাইট ক্লাবলৈ গৈছিল আৰু ষ্টেডিয়ামৰ ড্ৰেছিং কোঠাত ৭জন যৌনকৰ্মীৰ সৈতে যৌন সম্ভোগত লিপ্ত হৈছিল। জানিবলৈ পোৱা মতে, তেওঁলোকৰ সমগ্ৰ কাৰ্যকলাপ চিচি টিভিত বন্দী হৈছিল।
উল্লেখ্য যে , ঘটনাটো সন্দৰ্ভত নিৰাপত্তাকৰ্মীৰ দায়িত্ব সন্দৰ্ভত প্ৰশ্ন কৰাও পৰিলক্ষিত হৈছে। ক্লাবটোৰ বিৰুদ্ধে ক’ভিড বিধি উলংঘা কৰাৰো অভিযোগ উত্থাপিত হৈছে। ক্লাবটোৱে ঘটনাটোত অভিযুক্ত ফুটবলাৰ ক্ৰিষ্টোফাৰ বাৰমেনক ইতিমধ্যে বহিষ্কাৰ কৰিছে। খেলুৱৈ গৰাকীক বহিস্কাৰৰ পাছতে সমৰ্থক সকলৰ মাজত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে।
Leave A Comment