• ঢলপুৰৰ চৰাঞ্চলত হোৱা ৰক্তাক্ত ঘটনাক লৈ ১২ ঘণ্টীয়া দৰং বন্ধ ঘোষণা

    আঞ্চলিক
    ঢলপুৰৰ চৰাঞ্চলত হোৱা ৰক্তাক্ত ঘটনাক লৈ ১২ ঘণ্টীয়া দৰং বন্ধ ঘোষণা

    দৰং : ছিপাঝাৰৰ ঢলপুৰত যোৱা দুদিন ধৰি চলি আছে উচ্ছেদ অভিযান৷ এই উচ্ছেদৰ বিৰুদ্ধে সহস্ৰাধিক লোকৰ প্ৰতিবাদে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ঢলপুৰ৷ ছিপাঝাৰ ঢলপুৰৰ চৰাঞ্চলত হোৱা ৰক্তাক্ত ঘটনাক লৈ আজি ১২ ঘণ্টীয়া দৰং বন্ধ ঘোষণা কৰে৷





    পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দৰং বন্ধ৷ সংখ্যালঘু সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনাই এই বন্ধৰ ৷ বেদখলকাৰীক উচ্ছেদৰ সময়ত ৰণক্ষেত্ৰত পৰিণত হ'ল হ’ল গৰুখুঁটি৷ দা-যাঠি-জোং লৈ আৰক্ষীক আক্ৰমণ কৰে সহস্ৰাধিক বেদখলকাৰীয়ে৷ বেদখলকাৰীক ৰোধীবলৈ গৈ আৰক্ষীয়ে কৰা লাঠীচালনা, কন্দুৱা গেছ নিক্ষেপতো নিয়ন্ত্ৰণ নহ’ল পৰিস্থিতি৷ যাৰ ফলত প্ৰত্যাক্ৰমণৰ বাবে আৰক্ষীৰ গুলীত নিহত হয় দুই বেদখলকাৰী৷





    অৱশ্যে বৰ্তমানেও শাম কটা নাই ৰণক্ষেত্ৰ গৰুখুঁটিৰ উত্তেজনাই৷ ইপিনে বিশাল আৰক্ষী বাহিনী লৈ প্ৰশাসনৰ উচ্ছেদ অভিযানত বৃহস্পতিবাৰে ভাইৰেল হোৱা এটা ভিডিঅ'ৰ পাছতে সৰ্বেত্ৰে জোকাৰণীৰ সৃষ্টি কৰিছিল৷ ঢলপুৰত উচ্ছেদৰ সময়ত ভাইৰেল হোৱা এটা ভিডিঅ'ত মৃতদেহক পদাঘাত কৰা এজন ফটোগ্ৰাফাৰক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ ভাইৰেল হোৱা ভিডিঅ'ত পদাঘাত কৰা ছিপাঝাৰৰ ফটোগ্ৰাফাৰ বিজয় বণিয়াক পৰৱৰ্তী সময়তমুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।