• তদন্ত হ'ব হাফপেণ্ট কাণ্ডৰঃ গঠন তিনিজনীয়া কমিটি

    আঞ্চলিক
    তদন্ত হ'ব হাফপেণ্ট কাণ্ডৰঃ গঠন তিনিজনীয়া কমিটি

    ডিজিটেল ডেস্কঃ এটা সামান্য হাফপেণ্টে কঁপাইছে ৰাজ্য। তেজপুৰস্থ জি আই এম টি ত হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱা ছাত্ৰীগৰাকীক পৰ্দা মেৰিয়াই পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱাৰ পিছত সামাজিক মাধ্যমত সৃষ্টি হৈছিল আলোড়নৰ। হাফপেণ্টক মুক্ততা, নাৰী স্বাধীনতাৰ প্ৰতীক হিচাপে লৈ বিভিন্নজনে নাৰীবাদৰ প্ৰসংগৰে গৰম কৰিছিল ফেচবুক।





    আকৌ স্থান-কাল- পাত্ৰৰ ওপৰত ভিত্তি কৰিহে সাজ- পোছাক পৰিধান কৰিব লাগে বুলি কোৱা সকলক তালিবানী মানসিকতাৰ বুলি গালি গালাজ কৰি তেওঁলোকৰ চৈধ্য গোস্থী উদ্ধাৰ কৰিছিল এইসকল লোকে। বিপৰীত পক্ষইও সন্মিলিতভাৱে যোৱা দুদিন ধৰি হাফপেণ্ট বিৰোধী বক্তব্য ৰাখি আহিছে।





    যি নহওঁ‌ক,ঘটনাৰ প্ৰকোপ এতিয়া ইমানেই বৃদ্ধি পালে যে অসম কৃষি বিশ্ববিদ্যালয়ে হাফপেণ্ট কাণ্ডৰ বাবে তদন্ত কমিটি গঠন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল।ড° জয়ন্ত ডেকাৰ নেতৃত্বত তিনিজনীয়া তদন্ত কমিটিখনে হাফপেণ্ট কাণ্ডৰ তদন্ত কৰিব। কাইলৈ তদন্তকাৰী দলটো যাব বিশ্বনাথলৈ।দলটোৱে দহ দিনৰ ভিতৰত দাখিল কৰিব তদন্তৰ প্ৰতিবেদন। এতিয়া সকলোৰে অপেক্ষা প্ৰতিবেদন প্ৰকাশৰ দিনটোলৈ!