• তাঁতশালত ইংৰাজীত ভাগৱত গীতা: পৃথিৱীত এতিয়া এগৰাকীয়ে হেমপ্ৰভা চুতীয়া

    আঞ্চলিক
    তাঁতশালত ইংৰাজীত ভাগৱত গীতা: পৃথিৱীত এতিয়া এগৰাকীয়ে হেমপ্ৰভা চুতীয়া

    ডিজিটেল ডেস্ক: কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অসম গৌৰৱ বঁটা৷ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে শিপিনী হেমপ্ৰভা চুতীয়ালৈ৷






    অসম গৌৰৱ বঁটা ঘোষণা হোৱাৰ লগে লগে হেমপ্ৰভা চুতীয়াৰ গৃহচহৰ মৰাণত উঠিছে আনন্দৰ জোৱাৰ৷ তাঁত শিল্পৰে অসমত এক নীৰৱ শিল্পবিপ্লৱৰ সূচনা কৰা হেমপ্ৰভা চুতীয়াই ইতিমধ্যে তাঁতশালত বৈ উলিয়াইছে কেইবাখনো ধৰ্মগ্ৰন্থ৷ অসমৰ তাঁত সংস্কৃতিক বিশ্ব নাগৰিকৰ সমুখত তুলি ধৰিবলৈ সক্ষম হোৱা হেমপ্ৰভা চুতীয়াৰ হাতৰ পৰশত প্ৰাণ পাইছে গুৰুদুজনাৰ যুগজয়ী সৃষ্টি 'গুণমালা' আৰু 'নামঘোষা'ই৷ মৰাণৰ অভয়পুৰীয়া গাঁও নিবাসী হেমপ্ৰভা চুতীয়াই পৰৱৰ্তী সময়ত তাঁতত বৈ উলিয়াই শ্ৰীমদ্ভাগৱত গীতা৷ ২০১৩ বৰ্ষৰ পৰা যোৱা আঠ বছৰজুৰি তেওঁ নিৰৱচ্ছিন্নভাৱে তাঁতশালত ৰচি গৈছে সপোন৷ মহাত্মা গান্ধীয়ে কোৱা অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব জনা কথাটোৰ যেন বাস্তৱ প্ৰতিফলন হেমপ্ৰভা চুতীয়া৷ শেহতীয়াকৈ হেমপ্ৰভা চুতীয়াই তাঁতশালত ইংৰাজী ভাষাত বৈ উলিয়ালে শ্ৰীমদ্ভাগৱত গীতা৷






    এইগৰাকী অসমীয়া শিপিনীৰ অসমৰ থলুৱা শিল্পটোৰ প্ৰতি থকা সন্মান আৰু দায়বদ্ধতাই অসমবাসীক অনুপ্ৰাণিত কৰিছে৷ কোনো প্ৰচাৰ নিবিচৰাকৈ তেওঁ তাঁতশালৰ মাজেৰেই সৃষ্টি কৰিছে এক শিল্পবিপ্লৱ৷ প্ৰচাৰবিমুখ এইগৰাকী শিল্পীৰ সাধনাই বিশ্বজয় কৰক৷ অসমৰ থলুৱা বয়ন সংস্কৃতি বিশ্বনাগৰিকৰ সমুখত হৈ উঠক প্ৰেৰণাৰ পাঠ, সাহসৰ বাট৷