• তামৰ পাত্ৰত পানী খালে দূৰ হ'ব পাৰে বিভিন্ন ৰোগ; জানো আহক ইয়াৰ গুণাগুণ

    আঞ্চলিক
    তামৰ পাত্ৰত পানী খালে দূৰ হ'ব পাৰে বিভিন্ন ৰোগ; জানো আহক ইয়াৰ গুণাগুণ

    গুৱাহাটী : স্বাস্থ্যৰ বাবে পানী খোৱাটো এক ভাল অভ্যাস৷ স্বাস্থ্যৱান হৈ থাকিবলৈ এজন ব্যক্তিয়ে প্ৰতিদিনে অতি কমেও ৮ৰ পৰা ১০ লিটাৰ পানী খাৱ লাগে৷ বৰ্তমান আধুনিকতাৰ যুগত বিভিন্নধৰণৰ ইলেক্ট্ৰিক ফিলটাৰৰ যোগদি খোৱাপানী ব্যৱহাৰ৷ দিন বাঢ়ি অহাৰ লগে লগে পৌৰাণিক তথা ভাৰতত ব্যৱহৃত হোৱা আয়ুৰবেদিক মাধ্যমৰ ব্যৱহাৰৰ ক্ৰমান্বয়ে কমি আহিছে৷ আৰু লাহে লাহে সকলো কাম সহজলভ্য হৈ আহিছে৷ আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি, তামপাত্ৰত পানী খালে স্বাস্থ্যৰ বাবে বিশেষ লাভজনক৷





    তামৰ পাত্ৰত পানীখালে শৰীৰৰ বাবে বহু ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে৷ একেদৰে পুৱা তামৰ পাত্ৰত পানী খালে শৰীৰৰ বাবে বিশেষ উপকাৰী হয়৷ তামৰ পাত্ৰত যদি ৪ঘণ্টা ধৰি ৰাখি থোৱা পানী আপুনি সেৱন কৰে তেনেহ'লে আপুনি ভুগী থকা বহু ৰোগৰ পৰা নিৰাময় লাভ কৰিব৷ এই পানী খালে কাহ-কফৰ সমস্যাৰ পৰা নিৰাময় পাৱ পাৰে৷ বিশেষজ্ঞ অনুসৰি, যিসকল লোকে এই সমস্যাত বেছি ভূগী থাকে তেনেহ'লে তামৰ পাত্ৰত পানীৰ সৈতে তুলসী মিহলাই খালে নিৰাময় লাভ কৰিব পাৰে৷ তাৰউপৰিও তামপ্ৰাতত পানী খালে ছালৰ ৰোগ নিৰাময় কৰাৰ লগতে বয়সৰ ছাপো আতঁৰ কৰে৷ থাইৰাড বিশপষজ্ঞই প্ৰকাশ কৰা এক বিবৃতীত তামৰ পাত্ৰত ৰখা পানীয়ে শৰীৰৰ থাইৰেক্সিন হৰ্মনৰ ভাৰসাম্য ৰক্ষা কৰে৷ যাৰফলত তামৰ পাত্ৰ পানী অধিক খালে শৰীৰৰ ওজন বৃদ্ধিৰ ওপৰতো নিয়ন্ত্ৰণ কৰিব পাৰে৷





    আনহাতে তামৰ পাত্ৰ পানী খালে শৰীৰৰ ইউৰিক এছিডৰ পৰিমাণ কৰাত সহায় কৰে লগতে গাঠিৰ বিষ বা ফুলাৰ পৰা আৰাম পোৱা যায়৷ তামৰ পাত্ৰত থোৱা পানী খালে শৰীৰৰ তেজ সঞ্চালন বৃদ্ধি কৰে৷ লগতে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে আৰু হৃয়ৰোগ দূৰ কৰে লগতে ৰক্তহীনতাৰ পৰাও উপশম পাৱ পাৰে৷ আয়ুৰ্বেদৰ মতে , আপুনি যদি শৰীৰৰ পৰা টস্কিন বাদ দিব বিচাৰে তামৰ পাত্ৰত কমেও ৪ ঘণ্টা ৰখা পানী খাৱ৷ ইয়াৰ দ্বাৰা আৰাম পোৱাৰ উপৰিও পাচন সমস্যাৰ পৰাও উপশম পাৱ পাৰিব৷