• তালিবানক সমৰ্থন কৰা অসমৰ ১২ লোকক গ্ৰেপ্তাৰ

    আঞ্চলিক
    তালিবানক সমৰ্থন কৰা অসমৰ ১২ লোকক গ্ৰেপ্তাৰ

    গুৱাহাটী: সন্ত্ৰাসবাদী তালিবানক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ হ’ল অসমৰ ১২জন লোক৷ তালিবানী আক্ৰমণে সমগ্ৰ বিশ্ববাসীক স্তব্ধ কৰাৰ সময়তে তালিবানী সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল ১২জন লোক৷

    ৰাজ্যৰ ১০খন জিলাৰ ১২জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ ইয়াৰ ভিতৰত হাইলাকান্দিৰ এজন এমবিবিএছৰ ছাত্ৰকো গ্ৰেপ্তাৰ কৰে৷ তেজপুৰ মেডিকেল কলেজত অধ্যয়নৰত আছিল ছাত্ৰজন৷

    ইয়াৰ উপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন মৌলানাকো৷ বিদেশত থকা ৩ জন লোকৰো তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷ তালিবানী সন্ত্ৰাস চলি থকাৰ সময়তে ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াসকলৰ বিৰুদ্ধে সতৰ্কতা প্ৰদান কৰিছিল৷