• তালিবানৰ অত্যাচাৰৰ বিৰোধিতা! ৰছিদ খানৰ পদত্যাগ

    আঞ্চলিক
    তালিবানৰ অত্যাচাৰৰ বিৰোধিতা! ৰছিদ খানৰ পদত্যাগ

    নতুন দিল্লীঃ আফগানিস্তানত জাতীয় সংকট বৰ্তমান। তালিবানে আফগান ৰাষ্ট্ৰপতিক উৎখাত কৰি সমগ্ৰ দেশ দখল কৰিছে। তালিবানী যুগত আফগানিস্তান ক্ৰিকেট ব'ৰ্ডে দেশখনৰ বৰ্তমানৰ শাসকগোষ্ঠীৰ পদলেহন কৰিবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰিছে। তালিবানীয়ে আফগানিস্তান ক্ৰিকেট সুৰক্ষিত বুলি বাৰম্বাৰ দাবী কৰা অহাৰ পাছতো অনিশ্চয়তাৰ কলীয়া ডাৱৰ আঁতৰা নাই। মুহূৰ্ততে সলনি হৈছে তালিবানী উক্তি। এনে পৰিপ্ৰেক্ষিতত তালিবানী শাসকৰ বিৰুদ্ধে মুখ খুলিছে একাংশই। আফগান মহিলা ক্ৰিকেট দলৰ ভৱিষ্যতো অনিশ্চয়তাত। ইফালে তালিবানী স্বৈৰাচাৰীতাত খৰ্গহস্ত হৈ পৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট বোৰ্ড। আফগান মহিলা ক্ৰিকেট দল বন্ধ হ’লে অদূৰ ভৱিষ্যতে আফগানিস্তানৰে সম্পৰ্ক ছেদ কৰাৰো হুংকাৰ দিছে অষ্ট্ৰেলিয়াই।






    এনে অনিশ্চয়তাৰ মাজতে আফগান ক্ৰিকেট বোৰ্ডে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দল ঘোষণা কৰিছে। দেশখনৰ চলি থকা অৰাজকতাৰ মাজতে আফগান ব'ৰ্ডৰ বিষয়াসকলে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দল ঘোষণাৰ পূৰ্বে নিৰ্বাচকসকলৰ সৈতে আলোচনাত মিলিত হয়। ১৭ অক্টোবৰৰ পৰা ওমান আৰু আমিৰাত অনুষ্ঠিত হবলৈ গৈ আছে বহু প্ৰত্যাশিত টি-২০ বিশ্বকাপ। ইফালে, দল নিৰ্বাচনৰ পাছতে বিতৰ্কত সাঙোৰ খাই পৰিছে আফগান ক্ৰিকেট ব'ৰ্ড। ৰাষ্ট্ৰীয় দল নিৰ্বাচনৰ সময়ত ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হামিদ শিনৱাৰীকে ধৰি শীৰ্ষ বিষয়াসকলে সৈতে কোনো ধৰণৰ আলোচনা নকৰাৰ অভিযোগ আফগান অধিনায়কৰ। নিৰ্বাচক মণ্ডলীৰ বিচাৰত বিতুস্ত হৈ অধিনায়কৰ পদ ত্যাগ কৰিছে ৰছিদ খানে ।






    উল্লেখ্য যে, আফগান ক্ৰিকেট বোৰ্ডে ৰছিদ খানক অধিনায়ক হিচাপে ৰাখিয়েই ২০ জনীয়া দলটোৰ ঘোষণা কৰিছিল। তাৰ পাছত ৰছিদ খানে টুইটাৰ যোগে সদৰী কৰে যে, ‘ৰাষ্ট্ৰীয় দলৰ অধিনায়ক আৰু দায়িত্বশীল নাগৰিক হিচাপে দল নিৰ্বাচনৰ অংশ হোৱাটো মোৰ অধিকাৰৰ ভিতৰত পৰে। আফগানিস্তান ক্ৰিকেট ব'ৰ্ড আৰু নিৰ্বাচন সমিতিয়ে ঘোষণা কৰা দলটোৱে মোৰ সন্মতি লোৱা নাছিল। মই এই মুহূৰ্তত আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়কৰ পদ ত্যাগ কৰিলোঁ। আফগানিস্তানৰ হৈ খেলাটো সদায় এক গৌৰৱৰ বিষয়।‘
    ৰছিদ খানে কেইদিনমান আগতে তালিবানী শাসনৰ বিৰূদ্ধে মুকলিকৈ প্ৰতিবাদ কৰিছিল। সেয়েহে তালিবান উগ্ৰপন্থীৰ পদলেহনকাৰী আফগান বোৰ্ডে ৰছিদ খানক এৰাই চলাৰ চেষ্টা কৰিছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।