• তিতাবৰত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

    আঞ্চলিক
    তিতাবৰত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

    তিতাবৰঃ তিতাবৰত এটা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তিতাবৰৰ ভাগ্যলক্ষী গাঁৱত উদ্ধাৰ হৈছে মৃত্যুদেহটো। এটা কুঁৱাত পৰাৰ ফলতে মৃত্যু ঘটিছে নাহৰফুটুকী বাঘটোৰ।





    পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত্যু হোৱা বাঘটোৰ বয়স প্ৰায় ৫ বছৰ বুলি উল্লেখ কৰিছে বন বিভাগে। উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি ভাগ্যলক্ষী অঞ্চলত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে।