• তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ লতাশিলত !

    আঞ্চলিক
    তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ লতাশিলত !

    গুৱাহাটী : গুৱাহাটীৰ লতাশিলত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত সৃষ্টি হয় এক ভয়ানক পৰিস্থিতিৰ।





    আৰু পঢ়িব পাৰিব : শিৱসাগৰত মোদী : ভূমিপট্টা প্ৰদান, দিলে উন্নয়নৰো খতিয়ান





    জানিব পৰা মতে প্ৰথমে গৰু ভৰ্তি এখন ডিআই বাহনে খুন্দা মাৰে এখন চলন্ত চিটি বাছত। তাৰ পাছতেই নিয়ন্ত্ৰণ হেৰুৱাই চিটী বাছে খুন্দা মাৰে পদপথৰ ৰেলিঙত। তথ্য অনুসৰি বাছখনত আছিল প্ৰায় ১৫গৰাকী যাত্ৰী।





    আৰু পঢ়িব পাৰিব : ভয়ংকৰ ষড়যন্ত্ৰ! কৃষকৰ আন্দোলন ৰক্তাক্ত কৰাৰ বাবে সাজু দুষ্কৃতিকাৰী





    আনহাতে নিয়ন্ত্ৰণ হেৰুৱাই পৰৱৰ্তী সময়ত কেইবাখনো বাহনক খুন্দা মাৰে চিটী বাছখনে। কেৱল সেয়াই নহয় উক্ত বাছখনত পাছত খুন্দা মাৰে এখন এল্ট’ বাহনে। যাৰ ফলত আহত হয় চাৰিজনকৈ লোক।