আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : আজি পুৱাই ১০ মিনিটৰ ব্যৱধানত ৩ টাকৈ ভূমিকম্পৰ জোকাৰনিয়ে কপাঁই তুলিলে ৰাজ্য৷ পুৱা ৭.৫২ বজাত একেলগে অনুভূত ২ টাকৈ জোকাৰনি, ৮.০৩ বজাত অনুভূত তৃতীয়টো জোকাৰনি৷ সৌভাগ্যক্ৰমে তৃতীয়টো জোঁকাৰণিৰ প্ৰাৱল্য নিচেই কম৷
আৰু পঢ়িব পাৰিব : ৰাজস্থান ৰয়েলছৰ ১কোটিত নিলাম হোৱা খেলুৱৈয়ে নেখেলিলে এখনো খেল !
প্ৰথমটো ৬.৭ প্ৰাৱল্যৰ ভূমিকম্পত বিস্তৰ ক্ষতি ৰাজ্যৰ বিভিন্ন ঠাইত৷ গুৱাহাটীৰ ভেটাপাৰাত চাদ খহি এজন আহত হোৱাৰ লগতে হোটেল তাজ ভিভাণ্টা, ডাউন টাউন হাস্পতালৰ বেৰত ফাট মেলিলে৷ গুৱাহাটীৰ কেইবাটাও কাৰ্যালয়, এপাৰ্টমেণ্টত দীঘলীয়া ফাট পৰিলক্ষিত হয়৷
আৰু পঢ়িব পাৰিব : স্বস্তিৰ নিশ্বাস:দেশত ভ্ৰাম্যমাণ ATM পৰিসেৱা…
ইপিনে তেজপুৰতো বাসগৃহ, কাৰ্যালয়, হোটলত ক্ষয়ক্ষতিৰ বাতৰি আহি পৰিছে৷ ঢেকীয়াজুলিত কৰ বিভাগৰ কাৰ্যালয় ভৱনৰ ক্ষতি, নলবাৰীৰ ১ নং ৱাৰ্ডত নৱনিৰ্মিত ভৱনৰ খহিল চাদৰ ইটা, নগাঁৱৰ ছোট ৰূপহীত দলঙত মেলিলে ফাট, তামুলপুৰৰ হাঁহকটাত ফাট মেলা মাটিৰে ওলাইছে পানী, কলিয়াবৰতো বাসভৱন, বিদ্যালয়ৰ দেৱালয়ত ফাট মেলে৷ কেইবাঠাইতো ভূমিকম্পৰ ফলত আহত হৈছে কেইবাজনো লোক৷
Leave A Comment