• তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ নিৰ্বাচন আয়োগৰ দল, কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

    আঞ্চলিক
    তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ নিৰ্বাচন আয়োগৰ দল, কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

    গুৱাহাটী: আজি তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল৷ মুখ্য নিৰ্বাচনী আয়ুক্তৰ নেতৃত্বত আহিব দলটো৷ আজি সন্ধিয়া ৫বজাত গুৱাহাটী পাবহি দলটো৷ সন্ধিয়া ৮.৩০ বজাৰপৰা মুখ্য নিৰ্বাচনী বিষয়াৰে এক বৈঠক অনুষ্ঠিত হ’ব৷





    আৰু পঢ়িব পাৰিব : ভিক্ষাৰ ধনৰ ভাগ-বটোৱাৰাক লৈ হোজাইত লোমহৰ্ষক হত্যাকাণ্ড





    এই বৈঠকত আৰক্ষীৰ ন’ডেল বিষয়াও উপস্থিত থাকিব৷ কাইলৈ অৰ্থাৎ মঙলবাৰে পুৱা ১০ বজাৰপৰা ৰাজনৈতিক দলসমূহৰে বৈঠক অনুষ্ঠিত হ’ব৷ দিনৰ ১২.৩০ বজাত নিৰ্বাচন পৰিচালনা গোটসমূহৰে অনুষ্ঠিত হ’ব বৈঠক৷





    আৰু পঢ়িব পাৰিব : নিশ্চিত হ’ল অখিলৰ নিৰ্বাচন খেলা সমষ্টি : মিত্ৰতাৰ দিশে ৰাইজৰ দল-এজেপি !





    বিয়লি ৩.৩০ বজাৰ পৰা জিলা নিৰ্বাচনী বিষয়া, এছপিৰে বৈঠক হ’ব আৰু ২০ জানুৱাৰীত পুৱা ১০.৩০ বজাত মুখ্য সচিব, গৃহ সচিব, ডিজিপি আদিৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব৷ দিনৰ ১২.৩০ বজাত সংবাদমেল সম্বোধন কৰিব নিৰ্বাচন আয়ুক্তই৷