ৰাষ্ট্ৰীয়
ৰঙিয়া : জটিল ৰোগত আক্ৰান্ত হ'ল এটি কনমাণি৷ তিনিমাহ বয়সতে জীৱন-মৃত্যুৰে যুঁজিছে ৰঙিয়া নগৰৰ শান্তিপুৰৰ এটি শিশুৱে। দিন হাজিৰা কৰা পিতৃয়ে এতিয়া কনমাণিটোৰ জীৱন ৰক্ষাৰ বাবে বিচাৰিছে সহায়ৰ হাত৷ মন্টু বণিয়া আৰু মণিকা বণিয়াৰ পুত্ৰ জন্মৰে পৰা জটিল ৰোগত আক্ৰান্ত হোৱাত অজান আশংকাত ভুগিব লগা হৈছে আৰ্থিক দীনতাৰে পিষ্ট পৰিয়ালটো।
দুখীয়া পৰিয়ালটোৱে ঘৰৰ সকলো মূল্যবান সামগ্ৰী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই। সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ। ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি এতিয়া সৰ্বস্বান্ত হৈছে। পুত্ৰক সুস্থ কৰি তুলিবলৈ দৰকাৰ হোৱা ধন যোগাৰ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে অসমৰ্থ তেওঁলোক।
উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। লগতে ফুল কমলীয়া কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ সুহৃদ ব্যক্তি অথবা দল-সংগঠনে চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব বিচাৰিলে 8486723892 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নাইবা সদাশয় লোকে কণমানি শিশুটোৰ মাতৃ মণিকা বণিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ৰঙিয়া শাখাৰ 7292026027830 নম্বৰৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব বুলি প্ৰকাশ কৰিছে।
Leave A Comment