Regional
যোৰহাটঃ যোৰহাটত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ নিজে অধ্যয়ন কৰা বাল্য ভৱনলৈ গ’ল মুখ্যমন্ত্ৰীগৰাকী৷ কৃষি বিশ্ববিদ্যালয়, মহিলা বিশ্ববিদ্যালয়, জেএমচিএইচ, অভিযান্ত্ৰিক মহাবিদ্যালয়, ছটাইৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
ৰাজ্য চৰকাৰৰ এটি পদক্ষেপে অসমৰ কৃষি পৰ্যটনৰ ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। প্ৰথমবাৰৰ বাবে চৰকাৰে নিৰ্মাণ কৰিবলৈ লৈছে ৰাজ্যৰ প্ৰথমটো আদৰ্শ কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্প। অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজাববীয়া সেউজ পৰিকল্পনাৰ অধীনত এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। তিনি কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব কৃষি প্ৰকল্প৷
মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে৷ পিতাম্বৰদেৱ গোস্বামীৰ কাৰাগাৰ কক্ষ, শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়া ফাঁচিশাল পৰিদৰ্শন কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰোপৰি কয়দীসকলৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়৷
পৰিদৰ্শনকালত কৃষিমন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মোহনসহ কেইবাজনো বিধায়ক উপস্থিত থাকে৷
Leave A Comment