National
ধুবুৰী : একাংশ দানৱ ৰূপী মানৱৰ কৰ্ম কাণ্ডই লজ্জিত কৰিলে মানৱজাতিক। ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাৰকাটা মুছলিম পাৰাত নিশা ঘৰত স্বামী নথকাৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰি একেখন গাঁওৰে মাইনুল হক নামৰ লম্পটে এজনে তিনি সন্তানৰ মাতৃক মুখত সোপা দি উপৰ্যুপৰি ধৰ্ষণ কৰে।
ঘৰৰ দুৱাৰ ভাঙি মহিলা জনীক বলপূৰ্বকভাৱে উপৰ্যুপৰি নিৰ্যাতন চলোৱা অৱস্থাত মহিলাগৰাকীৰ চিঞৰ-বাখৰ শুনি প্ৰতিবেশীয়ে লম্পট মাইনুল হকক হাতে-লোটে ধৰিবলৈ সক্ষম হয়। উক্ত ঘটনা সন্দৰ্ভত ৰাইজমেলত লম্পটটোৱে নিজৰ দোষ স্বীকাৰ কৰি মহিলাজনীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও বিবাহৰ বাৱে তিনিমাহ সময় বিচাৰে।
উল্লেখ্য যে লম্পট মাইনুল হকে উক্ত তিনি মাহৰ সুযোগ গ্ৰহণ কৰি ধাৰাবাহিক ভাবে ধৰ্ষণ কৰি অহা বুলিও ভুক্তভোগীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তিনি মাহ সময় উকলি যোৱাৰ পাছত অসহায় মহিলাগৰাকীয়ে সমাজৰ মুৰব্বীৰ কাষ চাপে যদিও কোনো গুৰুত্ব নিদিয়াত যোৱা মঙলবাৰে শালকোচা আৰক্ষী চকীত এখন গোচৰ দাখিল কৰে। মহিলাগৰাকীয়ে মাইনুল হকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনায়। ইতিমধ্যে শালকোচা আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত 406/21/U/S-376 ITC গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment