North East
ট’কিঅ’: ৰিঅ’ৰ বেদনাশ্ৰু মোহাৰি মীৰাবাঈৰ মুখত হাঁহিৰ জিলিকনি। সুদীৰ্ঘ ২১ বছৰ পাছত ভাৰতীয় মহিলাই ভাৰোত্তলকৰ ইতিহাস ভংগ কৰিলে চানুৱে। অলিম্পিকৰ মঞ্চত পদক জয় কৰিবলৈ সক্ষম হোৱা মীৰাবাঈ ভাৰতৰ দ্বিতীয় গৰাকী মহিলা। ৪৯ কেজি ৰাউণ্ডত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে চানুৱে। পদক প্ৰাপ্তিৰ পাছত দেশজুৰী আনন্দৰ বন্যা বোৱা দেখিৱলৈ পোৱা গৈছে। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰকে আদি কৰি ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতিদ নৰিন্দৰ ধ্ৰুৱ বাট্ৰা সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে তাৰকা গৰাকীক।
শেহতীয়াকৈ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও উত্ফুল্লিত হৈ পৰিছে তাৰকা এথলীট গৰাকীৰ বিজয়ত। টুইটাৰযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে যে, ‘মীৰাবাঈ চানুক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ৪৯ কেজি ভাৰোত্তলকত ৰূপৰ পদক জয়েৰে তুমি আমাক সকলোকে গৌৰৱাম্বিত কৰিছা। তোমাৰ এই সফলতা আমাৰ বাবে অণুনপ্ৰেৰণা হৈ ৰ’ব।’
উল্লেখ্য যে, মীৰাবাঈ চানুৱে ৰিঅ’ অলিম্পিকতো অংশগ্ৰহণ কৰিছিল। কিন্তু, ৰিঅ’ত দেশবাসীৰ প্ৰত্যাশা পূৰণত ব্যৰ্থ হৈছিল এইগৰাকী তাৰকা ভাৰোত্তলক। ২০০০চনত ছিডনী গেমছত কাৰনাম মালেশ্বৰীৰ পাছত অলিম্পিকত পদক জয় কৰা মীৰাবাঈ চানু দ্বিতীয় গৰাকী মহিলা ভাৰোত্তলক।
Leave A Comment