• তুমি নাই,অথচ মোৰ হৃদয়ত আজিও তোমাৰেই স্পন্দন! জংকীক সুঁৱৰি স্মৃতিকাতৰ জুবিন

    আঞ্চলিক

    ডিজিটেল ডেস্ক : 'তুমি এতিয়া নাই, অথচ মোৰ ভিতৰত আজিও তোমাৰেই স্পন্দন…' স্মৃতিকাতৰ হৈ উঠিছে অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। কাৰণ, আজি যে জুবিনৰ প্ৰাণৰ আপোন ভগ্নী জংকী বৰঠাকুৰৰ জন্মদিন। এই বিশেষ দিনত জংকীক সুঁৱৰি এখন ফটো ফেচবুকত শ্বেয়াৰ কৰি জুবিন গাৰ্গে লিখিছে, ''Memories …..my sister jonkies b’day today. She is no more but still beats in me''.

    জুবিনৰ বাবে জংকী কেৱল ভগ্নী নাছিল৷ নিজৰ আটাইতকৈ ভাল বন্ধু বুলি জংকীক মানিছিল জুবিনে৷ জুবিন গাৰ্গৰ প্ৰতিটো ভুল-শুদ্ধ প্ৰথমে আঙুলিয়াই দেখুওৱাগৰাকীয়ে আছিল জংকী৷ নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিনিয়া হ'লে আজি ৪৫ বছৰত ভৰি দিলেহেঁতেন জংকী বৰঠাকুৰে।১৯৭৬ চনৰ ১ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল জংকীয়ে৷ মোহিনীমোহন বৰঠাকুৰ(কপিল ঠাকুৰ)আৰু ইলি বৰঠাকুৰ তিনি সন্তানৰ ভিতৰত মাজু সন্তান আছিল জংকী বৰঠাকুৰ৷

    সপোনবোৰে আহি দুচকুত ভিৰ কৰাৰ সময়তে আহিছিল সেই ক'লা দিনটো৷ ২০০২ চনৰ ১১ জানুৱাৰীৰ সেই অভিশপ্ত দিনটো পাহৰা নাই অসমবাসীয়ে। জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰি উভতি আহোঁতে বালিপাৰাৰ খেলমাটিত দুৰ্ঘটনাত পতিত হয় জংকীৰ বাহনখন আৰু সেই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছিল জংকীয়ে। মাত্ৰ ২৬ বছৰীয়া জীৱন নাট সামৰি নীৰৱে আঁতৰি গৈছিল জংকী বৰঠাকুৰ। অসমে হেৰুৱাইছিল এক অসাধাৰণ কণ্ঠ, এক প্ৰাণময় শিল্পী সত্তাক।

    ককায়েক জুবিন গাৰ্গৰ প্ৰাণৰক্ষা কৰিবলৈকে যেন সেই বাহনখনত উঠিছিল জংকী। জুবিন গাৰ্গো সেই একেখন বাহনতে যোৱাৰ কথা আছিল কিন্তু জংকীয়ে তেওঁক বেলেগ এখনত বাহনত আহিবলৈ কৈ নিজে অভিশপ্ত বাহনখনত উঠে। জংকীৰ কথা মানিয়ে লগত যোৱা ইখন বাহনত বহিছিলগৈ জুবিন গাৰ্গ। তাৰপাছত বাকীখিনি কোৱাৰ নিশ্চয় প্ৰয়োজন নাই৷ এতিয়াও এটুকুৰা কেঁচা ঘাঁ হৈ মানুহৰ অন্তৰত আছে সেই অভিশপ্ত দিনটো৷

    দুৰ্ঘটনাটোৰ ফলত জুবিন গাৰ্গে কেৱল জংকীকে হেৰুওৱা নাছিল হেৰুৱাইছিল অতিকৈ বিশ্বাসী বন্ধু জয়ন্ত পাত্ৰকো। দুয়োকে চকুৰ সমুখতে হেৰুৱাই বলিয়াৰ দৰে হৈছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন। ১৯ বছৰ হৈ গ'ল জংকী চিৰদিনলৈ হেৰাই যোৱা কিন্তু অসমবাসীয়ে তেওঁক পাহৰা নাই কাৰণ কেৱল জুবিন গাৰ্গৰ ভগ্নী বুলি নহয় জংকীৰ আছিল নিজৰ সুকীয়া পৰিচয়।

    "আঁউসীৰ জোন মোৰ সপোনতে
    সেমেকা চকুলো দুগালতে
    তুমি আহিবা এদিনা
    ৰং দিবা দুচকুত
    মৰমেৰে দিবা ওপচাই "
    কোনে পাহৰিব পাৰে সেই দৰদী কণ্ঠ! মানুহৰ কাণত আজিও বাজি থাকে সেই আকুলতাভৰা মাত। কেৱল গীতেৰেই নহয় অভিনয়ৰ জৰিয়তেও ৰাইজক মোহাচ্ছন্ন কৰিছিল শিল্পীগৰাকীয়ে। জংকীৰ প্ৰথম শ্ৰব্য কেছেট আছিল 'সপোনৰ মৰমী'(১৯৯৭)। তাৰপাছত 'ৰাংঢালী','মুক্তি','পাখি,'বৰষা যেতিয়া নামে','হৃদয় যেতিয়া নদী হয়', 'জোনাকী সুৰ' আদিকে ধৰি প্ৰায় ৩০ৰো অধিক শ্ৰব্য কেছেটত কন্ঠ নিগৰায়। ইয়াৰ লগতে 'দাগ','জীৱন নদীৰ দুটি পাৰ','তুমি মোৰ মাথোঁ মোৰ','কন্যাদান' আদি ছবিতো গীত গাইছিল জংকীয়ে।

    তেওঁ কন্ঠশিল্পীৰ লগতে এগৰাকী নাট্যশিল্পীও হিচাপেও নিজৰ পৰিচয় দিছিল। মঞ্চৰ বহু নাটকত অভিনয় কৰাৰ লগতে জংকীয়ে 'শাহুআই', 'জোঁৱাই', 'খিৰিকী মুখৰ আলহী', 'হাঁহিৰে চকুলো ঢাকি', 'অন্য জীৱন' আদি ধাৰাবাহিকতো অভিনয় কৰে। জুবিন গাৰ্গ পৰিচালিত 'তুমি মোৰ মাথোঁ মোৰ' আৰু মুন্না আহমেদৰ 'জীৱন নদীৰ দুটি পাৰ' নামৰ ছবি দুখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি জংকীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

    নিচেই কম সময়ৰ ভিতৰতে নিজ প্ৰতিভাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা জংকী বৰঠাকুৰ সেয়েহে কায়িকভাৱে আমাৰ মাজত নাথাকিলেও আজিও আমাৰ অন্তৰত জীয়াই আছে৷ য'তেই আছা কুশলে থাকা জংকী… জন্ম দিৱসত তোমাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

    Weather Forecast