Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
শিৱসাগৰ : লাডাখৰ তুষাৰপাতত শ্বহীদ হ’ল অসমৰ এজন জোৱান৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাঁৱৰ প্ৰয়াত মইনা গগৈৰ পুত্ৰ তথা অষ্টম অসম ৰেজিমেণ্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ(৪৩) নামৰ জোৱানজন ১৩ মাৰ্চত নিহত হয় ৷
আৰু পঢ়িব পাৰিব : দিছপুৰ, পূব গুৱাহাটী সামৰি বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকা
লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত জোৱানজন কি পৰিস্থিতিত পৰি মৃত্যু হ’ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱাা নাই। আজি ৮-২৫ বজাত এক বিশেষ বিমানযোগে তেওঁৰ মৃতদেহ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ অনা হয় ৷
বিমান বন্দৰত সামৰিক বাহিনীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ভাৰতীয় সেনাৰ ৪১নং ছাব এৰিয়াৰ এটি গোটে ডিব্ৰুগড়ৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি বীৰ জোৱান নিতুল গগৈৰ মৃতদেহ খনামুখ টিপমীয়াৰ নিজ গৃহত দিনৰ উপস্থিত হ’ব ৷
আৰু পঢ়িব পাৰিব : ‘অখিলৰ কাষত থিয় হওক অসমৰ ৰাইজ’ ৰাষ্ট্ৰীয় নেতাৰ আহ্বান
জোৱানজনৰ শেষকৃত্য অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা উপস্থিত থাকিব ৷ অতি অমায়িক জোৱানজনৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷
Leave A Comment