• তেওঁকতো আৰু কোনেও ঘূৰাই দিব নোৱাৰে... ইন্দ্ৰেশ্বৰ বৰাৰ স্মৃতি বুকুত বান্ধি কিদৰে দিন কটাইছে পত্নী-পি

    আঞ্চলিক
    তেওঁকতো আৰু কোনেও ঘূৰাই দিব নোৱাৰে... ইন্দ্ৰেশ্বৰ বৰাৰ স্মৃতি বুকুত বান্ধি কিদৰে দিন কটাইছে পত্নী-পি

    ডিজিটেল ডেস্ক : 'তেওঁতো আৰু উভতি নাহে। কোনো আশ্বাস প্ৰতিশ্ৰুতিয়ে তেওঁক ঘূৰাই আনিব নোৱাৰে। তথাপি বিচাৰিছোঁ দোষীয়ে শাস্তি পাওক। আৰু মুখ্যমন্ত্ৰীয়েও তেনেকৈ আশ্বাস দিছিল তদন্ত কৰা হ'ব বুলি৷ কিন্তু কি হ'ল, কিয় এনে হ'ল?' মাজুলীৰ নিমাতীৰ নাও দুৰ্ঘটনাত হেৰাই যোৱা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীৰ ভাষ্য এয়া। নিমাতীৰ নাও দুৰ্ঘটনাত অভিযুক্ত আটাইকেইজনে জামিন পোৱাৰ পাছত এই মন্তব্য কৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।









    তেওঁৰ চকুৰ সন্মুখতে স্বামী হেৰাই গৈছিল। প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰি পত্নীক বচাই থৈ লুইতৰ দুৰ্বাৰ সোঁতত উটি গৈছিল ইন্দ্ৰেশ্বৰ বৰা। পত্নী ৰূপৰেখা কৈছিল, মোৰ কাৰণে চিন্তা নকৰিবা, তোমাৰ হাতখন দিয়া, তোমাৰ হাতখন দিয়া… তুমি পাৰলৈ উঠি আহা… আৰু তাৰ পাছতে লুইতৰ সোঁতত উটি গৈছিল ৰূপৰেখাৰ মনৰ মানুহজন। উদ্ধাৰ হৈছিল তেওঁৰ নিঠৰ দেহ। তাৰ পাছৰ পৰাই বাৰিষাৰ ভৰা লুইতখন ৰূপৰেখা বৰাৰ মন খান্দি, বুকুৰ চাপৰি খহাই অহৰহ বৈ আছে। শোকৰ অটল ঢৌৱে আচাৰি আছে তেওঁৰ মনৰ দুয়োপাৰ। হাজাৰ শোক প্ৰকাশ, সমবেদনা, কলিজা আছাৰি কৰা কন্দা-কটায়ো আৰু ইন্দ্ৰেশ্বৰ বৰাক ওভতাই আনিব নোৱাৰে। এই কঠিন সত্যক স্বীকাৰ কৰিও ৰূপৰেখা বৰাই বিচাৰিছিল এই শোকাৱহ ঘটনাৰ উচিত তদন্ত হওক। যাৰ দোষৰ বাবে এই ঘটনা ঘটিছে তেওঁলোকে উচিত শাস্তি পাওক যাতে আগলৈ এনে ঘটনা নঘটে সেয়া নিশ্চিত কৰা হওক। কিন্তু একো নহ'ল। সাধাৰণ মানুহৰ উথলি উঠা আৱেগ আৰু ক্ষোভক প্ৰশমিত কৰিবলৈ কেৱল কেইজনমান লোকক সাময়িকভাৱে গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰ পাছত তেওঁলোকে জামিনো লাভ কৰিলে। ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালটোৱে যি হেৰুৱালে সেয়া কোনেও যেন উপলব্ধি কৰিবলৈকো চেষ্টা নকৰিলে। সেইবাবে ক্ষুব্ধ কণ্ঠে বৰাৰ পত্নীয়ে কৈ উঠিল-- কিয় এনে হ' ল? ইমান সোনকালে তেওঁলোক কেনেকৈ মুকলি হ'ল? ঘটনাৰ পোন্ধৰটা দিন হৈছেহে! আমাৰ চকুৰ পানীও মচ খোৱা নাই। ইমান কম দিনতে সকলো সহজ কথা হৈ পৰিল? যি হ'ল হৈ গ'ল৷ মানুহজনক হেৰুৱালোঁ৷ এতিয়া মই একেবাৰে অকলশৰীয়া৷ চৰকাৰক অনুৰোধ কৰিছোঁ। তেওঁলোকে দিয়া আশ্বাস, প্ৰতিশ্ৰুতিবোৰ যেন পূৰণ কৰে৷ সংস্থাপন দিম বুলি কোৱা প্ৰতিশ্ৰুতি ৰক্ষা কৰে যেন৷ তেওঁতো গ'লগৈ সেয়াটো পইচা দিলেও ঘূৰাই আনিব নোৱাৰি৷ এতিয়া সংস্থাপন পালে মা-দেউতাক চাব পাৰিম৷ আলাই - আথানি হোৱাৰ পৰা ঘৰখনক বচাব পাৰিম। অন্তৰ উজাৰি কৈ গ' ল ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীয়ে। সকলো শেষ হৈ যোৱাৰ পাছতো তেওঁ ন্যায় বিচাৰিছে। বিচাৰিছে প্ৰকৃত দোষীৰ শাস্তি হোৱাটো। দোষীকেইজনে কৰ্মত গাফিলতি কৰাৰ কাৰণেই আজি এনে এক শূন্য ভৱিষ্যতৰ মুখামুখি হ'বলগীয়া হ'ল তেওঁ। সেয়ে তেওঁলোকে শাস্তি পোৱাটো তেওঁ অন্তৰেৰে কামনা কৰে৷ কিন্তু আমাৰ প্ৰচলিত ব্যৱস্থাই এই অথাই শোকৰ গভীৰতা বুজি ৰূপৰেখা বৰাৰ আশা পূৰণ কৰিবনে? ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালক ন্যায়ৰ নাৱত পাৰ কৰাবনে শোকৰ লুইতখন? পূৰ্ণ কৰা হ'বনে চৰকাৰী প্ৰতিশ্ৰুতি? এই প্ৰশ্ন এতিয়া ইথাৰত প্ৰতিধ্বনিত হৈ ৰৈছে।









    একেই দশা ইন্দ্ৰেশ্বৰ বৰাৰ পিতৃৰো। পুত্ৰশোকৰ বোজাই তেওঁৰ মন শৰীৰ কৰি তুলিছে ভাৰাক্ৰান্ত। তাতে চকুৰ সন্মুখতে দেখিছে অন্যায়ৰ ওপচা ঢৌ। আশ্বৰ্য চকিত কণ্ঠে তেৱোঁ কৈ উঠিছে, আচৰিত হৈছোঁ, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো, তেওঁৰ নিৰ্দেশ অৱমাননা কৰা হৈছে। চৰকাৰী পক্ষই ঘটনা ঘটাৰ পাছত সকলো কথা চালিজাৰি চোৱাটো উচিত আছিল। চৰকাৰলৈ অনুৰোধ যিসকল লোক এই ঘটনাৰ লগত জড়িত আছিল যেনে নাও চালক বা মালিক এইসকলক উপযুক্ত শাস্তি প্ৰদান কৰে৷ ভৱিষ্যতে এনে ঘটনা যাতে নহয় তাৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰলৈ অনুৰোধ জনায় তেওঁ।










    ইন্দ্ৰেশ্বৰ বৰা, ডাঃ বিক্ৰমজিৎ বৰুৱা বা পৰিমিতা দাসৰ পৰিয়াল তথা আপোনজনে যি হেৰুৱাইছে তাক আন কোনেও উপলব্ধি কৰিব নোৱাৰে। সাময়িক আৱেগ হৈ ই কাৰোবাৰ মনত খুন্দিয়াব যদিও শিলত আছাৰ খোৱাৰ লুইতৰ ঢৌৰ দৰেই ই উফৰিও যাব। কিন্তু এইসকল আপোন পৰিজনৰ অন্তৰ এই শোকৰ ঢৌৱে সদায়ে খান্দি থাকিব, খহাই থাকিব। তেওঁলোকৰ বাবে আন একো কৰিব নোৱাৰিলেও তেওঁলোকৰ ন্যায় লাভৰ কঠিন পথটো সহমৰ্মিতাৰ দুষাৰ মাতেৰে সহজ কৰি তুলিব নোৱাৰোঁনে?