• তেওঁ এতিয়া নাই, মৃত্যুৰ পাছত পূৰণ এটা সপোন: চল্লিশ বছৰীয়া হ’ল ‘প্ৰান্তিক’

    আঞ্চলিক
    তেওঁ এতিয়া নাই, মৃত্যুৰ পাছত পূৰণ এটা সপোন: চল্লিশ বছৰীয়া হ’ল ‘প্ৰান্তিক’

    ডিজিটেল ডেস্ক: ১৯৮১ চনৰ ১ ডিচেম্বৰত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মুখ্য সম্পাদনাৰে প্ৰকাশ পোৱা পষেকীয়া আলোচনী ‘প্ৰান্তিক’ এ গৰকিলে চল্লিশটা বছৰ৷ চলিত সংখ্যা (১-১৫ ডিচেম্বৰ, ২০২১) প্ৰকাশ পোৱাৰ লগে লগে প্ৰান্তিকে ভৰি থ’লে ৪১ বছৰত৷ প্ৰথমাৱস্থাত ট্ৰিবিউন ভৱনৰ পৰা প্ৰকাশ পোৱা প্ৰান্তিকৰ এতিয়াৰ কাৰ্যালয় চানমাৰিৰ নৱগিৰি পথত অৱস্থিত৷ ১-১৫ ডিচেম্বৰ, ১৯৮১ত প্ৰকাশ পোৱা প্ৰথম সংখ্যা ‘প্ৰান্তিক’ৰ সম্পাদনা সমিতিত নিৰোদ চৌধুৰী, ৰত্ন ওজা আৰু ধীৰেন বেজবৰুৱাৰ উপৰি সম্পাদক হিচাপে প্ৰদীপ বৰুৱা আৰু সহকাৰী সম্পাদক হিচাপে সমুদ্ৰ গুপ্ত কাশ্যপে কাৰ্যনিৰ্বাহ কৰিছিল৷ দীপক বেজবৰুৱাৰ আলোকচিত্ৰ আৰু মানবেন্দ্ৰ বৰুৱাৰ অংগসজ্জাৰে প্ৰকাশ পাইছিল প্ৰথমটো সংখ্যা৷





    ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ স্বপ্ন আৰু সাধনাৰ পৃষ্ঠভূমি আছিল ‘প্ৰান্তিক’৷ প্ৰান্তিকক লৈ সপোন দেখিছিল ড° শইকীয়াই৷ প্ৰান্তিকক অসমৰ ৰাইজৰ মাজলৈ লৈ যোৱাতো আছিল তেখেতৰ সপোন৷ তেখেতৰ সপোনত প্ৰান্তিক আছিল এটি দোকমোকালি৷ আৰু, পোহৰৰ ৰং ছটিয়াই অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে সৰ্বস্তৰৰ ৰাইজক প্ৰান্তিকে কৰি তুলিলে উজ্জীৱিত৷





    প্ৰান্তিকে কাটিলে কাটিলে এটা সেউজীয়া বাট৷ সেই বাটৰ পথিক হ’ল সাহিত্যৰ ন-শিকাৰু বহুজন৷ প্ৰান্তিকে উভতি নোচোৱাকৈ চল্লিশটা বছৰ সম্পূৰ্ণ কৰাটোৱেই অসমীয়া সাহিত্যত এটা গুৰুত্বপূৰ্ণ সংঘটন৷ চল্লিশ বছৰজোৰা এই পৰিক্ৰমাত বিশেষ অসুবিধাবশতঃ মাত্ৰ তিনিটা সংখ্যা প্ৰকাশ পোৱা নাছিল প্ৰান্তিকৰ৷ প্ৰান্তিক এতিয়া মাইলৰ খুঁটি৷ অসমীয়া সাহিত্যৰ উপৰি সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনক বাট দেখুৱাবলৈ সক্ষম হৈছে প্ৰান্তিকে৷ প্ৰান্তিকৰ অবিৰত সফলতাৰ আঁৰত আছে আলোচনীখনৰ শৃংখলাবদ্ধতা আৰু সমাজ দায়বদ্ধতা৷





    অসমৰ জাতীয় জীৱনৰ সংকটকালত প্ৰান্তিকে গ্ৰহণ কৰি আহিছে দিকদৰ্শকৰ ভূমিকা৷ সেইবাবে প্ৰান্তিক একক আৰু অনন্য৷ লেখকৰ সমানে পঢ়ুৱৈকো সমমৰ্যাদাৰে স্থান দিয়া প্ৰান্তিকে গ্ৰহণ কৰে আলোচনীখনৰ সমালোচনা৷ পঢ়ুৱৈয়ে আলোচনীখনৰ ভুল-ভাল দেখুৱাই দিব খোজাৰ আন্তৰিক প্ৰয়াসক প্ৰান্তিকে সন্মান প্ৰদৰ্শন কৰি আহিছে৷ সমাজখনৰ সকলো বিষয় সামৰি আলোচনীখন প্ৰকাশ হৈ আছে৷ প্ৰান্তিকৰ যাত্ৰা যেতিয়া আৰম্ভ হৈছিল, সেইসময়ত অসমৰ পৰিস্থিতি আছিল অত্যন্ত সংবেদনশীল৷ অসম আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল সেই সময়ত৷ তেনে সময়তো ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নেতৃত্ব আৰু সুচিন্তিত পৰিকল্পনাৰে সমাজত সুস্থ পৰিৱেশ নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখিছিল প্ৰান্তিকে৷ পৰৱৰ্তী সময়ত প্ৰান্তিকৰ এই প্ৰয়াস বহুলাংশে সফল হোৱা বুলি আমি ক'ব পাৰো৷





    ২০০৩ বৰ্ষত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মহাপ্ৰয়াণ ঘটে৷ তেখেতৰ বিয়োগৰ পিছতো তেখেতৰ সপোনটোক আলফুলে লালন কৰি আছে প্ৰান্তিক পৰিয়ালে৷ অসমৰ সুধী সমাজেও প্ৰান্তিকক হৃদয়ত স্থান দিছে৷ প্ৰান্তিকৰ পৰা অসমৰ সমাজ জীৱনে আজিও আশা কৰে৷ প্ৰান্তিকৰ যাত্ৰা নিৰৱধি হওক, সুদূৰপ্ৰসাৰী হওক ড° শইকীয়াৰ স্বপ্নৰ সেউজীয়া বাট৷