• তেজপুৰত হাফ পেণ্ট বিৰোধী শিক্ষক: পৰ্দা মেৰিয়াই পৰীক্ষা দিয়ালে প্ৰাৰ্থীক

    আঞ্চলিক
    তেজপুৰত হাফ পেণ্ট বিৰোধী শিক্ষক: পৰ্দা মেৰিয়াই পৰীক্ষা দিয়ালে প্ৰাৰ্থীক

    ডিজিটেল ডেস্ক: যেন পুনৰাই আৰম্ভ হ'ল পৰ্দা প্ৰথাৰহে! হাফ পেণ্ট পৰিধান কৰি পৰীক্ষা দিবলৈ যোৱা ছাত্ৰীক পৰ্দা মেৰিয়াই পৰীক্ষাত বহুৱালে শিক্ষকে। হয় ঠিকেই শুনিছে। হাফ পেণ্ট পিন্ধি পৰীক্ষা দিবলৈ গৈ আজি এনে লটিঘটিয়েই হ’ল এগৰাকী যুৱতীৰ। বিশ্বনাথৰ এইগৰাকী ছাত্ৰীয়ে তেজপুৰৰ জি আই এম টিত অনুষ্ঠিত কৃষি বিভাগৰ প্ৰৱেশ পৰীক্ষাত বহিবলৈ বুলি চুটি কাপোৰ পিন্ধি গৈ সন্মুখীন হ’ল বৰ আহুকলীয়া পৰিস্থিতিৰ। অভিযোগ অনুসৰি, হাফ পেণ্ট পিন্ধাৰ অপৰাধত ছাত্ৰীগৰাকীক প্ৰথমে কৰ্তব্যৰত শিক্ষকে পৰীক্ষাগৃহত প্ৰৱেশেই কৰিবলৈ দিয়া নাছিল। হাফপেণ্টটোৱেই আছিল তেওঁ সন্মুখীন হোৱা এই সমূহ জঞ্জালৰ মূল।পিছে সেই আধুনিকাও হাৰ মনা ভকত নহয়। তেওঁৰ ওচৰতো আছিল হাফপেণ্টৰ সমৰ্থনত বহুত যুক্তি।





    ক্ষোভিত ছাত্ৰীগৰাকীয়ে উপস্থিত শিক্ষকৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়।
    তেওঁৰ যুক্তি, “ চুটি কাপোৰ পিন্ধি পৰীক্ষা দিব নোৱাৰি বুলি এডমিট কাৰ্ডততো লিখা নাই”!
    শিক্ষকৰ যুক্তি, “ লিখা নাই সঁচা, কিন্তু সেয়া কমন চেঞ্চৰ কথা”।
    যুৱতীগৰাকীয়ে তেতিয়া শিক্ষকজনক নিজৰ পিতৃৰ সৈতে ফোনযোগে কথা পতাই দিবলৈ বিচাৰে যদিও কথা পাতিবলৈ অমান্তি হয় শিক্ষকগৰাকী।
    ইয়াৰ পিছতেই চলে দীঘলীয়া তৰ্কযুদ্ধৰ।









    অৱশেষত নাচোৰবান্দা কতৃপক্ষই দুই কুল ৰক্ষা কৰি ছাত্ৰীগৰাকীক পৰ্দা মেৰিয়াই পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰে। ছাত্ৰীগৰাকীয়েও দিহা অনুসৰি শ্ৰেণীকক্ষৰ পৰ্দা দেহত মেৰিয়াই পৰীক্ষাত বহে। যি নহওক, এইভাৱে পৰ্দা মেৰিয়াই পৰীক্ষাত বহা কাণ্ড অসম মুলুকত এয়াই ছাগে’ প্ৰথম। একাংশই ইয়াক পৰ্দা প্ৰথাৰ আৰম্ভণীও বুলি কটাক্ষও কৰিছে।
    ইফালে যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ছ’চিয়েল মিডিয়া গৰম হৈ পৰিছে ভিন্ন জনৰ কমেণ্টেৰে। ইয়াৰে বহুসংখ্যকে যুৱতীগৰাকীৰ স্থিতিক সমৰ্থন কৰিছে। একাংশই আকৌ চুটি কাপোৰ পিন্ধি পৰীক্ষা হললৈ যোৱা বাবে তেওঁক সমালোচনাও কৰিছে।