• তেজপুৰৰ ৰাজপথত ন্যায় বিচাৰি হিয়া ভগা কান্দোন দুই মহিলাৰ

    আঞ্চলিক
    তেজপুৰৰ ৰাজপথত ন্যায় বিচাৰি হিয়া ভগা কান্দোন দুই মহিলাৰ

    ডিজিটেল ডেস্ক : তেজপুৰৰ ৰাজপথত অসহায় দুই মহিলাৰ হিয়া ভগা কান্দোন৷ ন্যায় বিচাৰি তেজপুৰৰ কছাৰী গাঁও আৰক্ষী চকীৰ সন্মূখতে ইনাই-বিনাই কান্দিছে মহিলা দুগৰাকীয়ে৷ 'আমাক ন্যায় লাগে, আমাক মাৰি পেলাব'- এনেদৰে মন্তব্য কৰি মহিলাদুগৰাকীয়ে কান্দিছে কেৱল কান্দিছে৷ তেওঁলোকৰ অভিযোগ অনুসৰি, সম্পত্তিৰ তথা মাটিবাৰীৰ লোভত মহিলাদুগৰাকীৰ ভগ্নীক বিহ খুৱাই হত্যা কৰে দুবৃত্তই৷





    চহৰখনৰ ডিলাইত বেকেৰীৰ কৰ্মচাৰী ৰুণু প্ৰভা বৰা নামৰ মহিলাগৰাকীক চাওমিনত বিহ দি হত্যা কৰাৰ দৰে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ উত্থাপন হৈছে ৰুণুৰ বৰদেউতাকৰ পুত্ৰ দীপু বৰাৰ বিৰুদ্ধে৷ উল্লেখ্য যে, চাওমিন খোৱাৰ পাছত বাৰহলীয়াৰ ভাড়া ঘৰত থকা ৰুণু প্ৰভা বৰা অসুস্থ হৈ পৰিছিল৷ আৰু তাৰপাছতেই তেওঁ মৃত্যুৰ মুখত পৰে৷





    তেওঁলোকৰ অভিযোগ অনুসৰি, তেওঁক সম্পত্তিৰ লোভত তেজপুৰৰ বাহবাৰীৰ দীপু বৰা আৰু বাৰহলীয়াৰ ৰাণু বৰাই বিহ খুৱাই হত্যা কৰে ৷ তাৰপাছতেই মৃত ৰুণুৰ দুই ভগ্নীয়ে আৰক্ষীক অভিযোগ কৰিবলৈ গৈ কান্দোনত ভাগি পৰে৷ ইতিমধ্যে এই ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।