• তেল ডিপুৰ কৰ্মচাৰীক গুলীয়াই মৰাৰ ভাবুকি দুৰ্বৃত্তৰ

    আঞ্চলিক
    তেল ডিপুৰ কৰ্মচাৰীক গুলীয়াই মৰাৰ ভাবুকি দুৰ্বৃত্তৰ

    মৰিয়নি : গণতন্ত্ৰ দিৱসৰ প্ৰাকমূৰ্হতত মৰিয়নি নগৰত আৰক্ষী থানাৰ সন্মুখতে মাৰণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ সন্ত্ৰাস৷ মাৰণাস্ত্ৰৰে তেল ডিপুৰ কৰ্মচাৰীক প্ৰহাৰৰ কৰাৰ লগতে গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই৷ ঘটনাৰ স্থান মৰিয়নি আৰক্ষী থানাৰ সন্মুখত থকা ৰায়বাহাদুৰ চুন্নীলাল এণ্ড এজেন্সী নামৰ পেট্ৰল পাম্পত৷





    আৰু পঢ়িব পাৰিব :বৰঙণিৰ নামত ধন দাবীৰ অভিযোগ চাৰি আটাছু নেতাৰ বিৰুদ্ধে





    ঘটনাৰ অনুসৰি বুধবাৰে মাজনিশা চাৰি দুৰ্বৃত্তই চলালে সন্ত্ৰাস। এখন ক’লা ৰঙৰ ফৰ্ড ইক' স্পৰ্টছত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে তেল ডিপুটোৰ ৰাজকুমাৰ মণ্ডল নামৰ কৰ্মমচাৰীজনক মাৰপিট কৰাৰ লগতে পিস্তলৰে গুলীয়াই মৰাৰ ভাবুকি দিয়ে।ইফালে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুবৃত্তৰ দলটোৱে। গণতন্ত্ৰ দিৱসৰ প্ৰাকমূৰ্হতত মৰিয়নি আৰক্ষী থানাৰ সন্মুখতে সংঘটিত এই ঘটনাই মৰিয়নি নগৰত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।





    আৰু পঢ়িব পাৰিব :প্ৰতিষেধকৰ সপক্ষে কেন্দ্ৰৰ প্ৰচাৰ অভিযান আৰম্ভ





    আনহাতে দুৰ্বৃত্ত দলটোৱে তেল ডিপুটোত মাজনিশা ডকাইতি কাণ্ড সংঘটিত কৰাৰ উদ্দেশ্যত আহিছিল বুলি সন্দেহ কৰা হৈছে। তেল ডিপুটোৰ কৰ্তৃপক্ষই মৰিয়নি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও দুৰ্বৃত্ত কেইটাৰ সন্ধান পোৱা নাই আৰক্ষীয়ে।