• তোমাৰ অংগ জলন্ত জুই... এগৰাকী ছাত্ৰীকেই অশ্লীল মেছেজ দিয়া নাছিল হিন্দী ছাৰে, আৰু কোন হৈছিল ভুক্তভোগী

    আঞ্চলিক
    তোমাৰ অংগ জলন্ত জুই... এগৰাকী ছাত্ৰীকেই অশ্লীল মেছেজ দিয়া নাছিল হিন্দী ছাৰে, আৰু কোন হৈছিল ভুক্তভোগী

    ডিজিটেল ডেস্ক : ‘কি যে তোমাৰ সংগ প্ৰিয়া/ কি যে তোমাৰ সংগ/ তোমাৰ অংগ জলন্ত জুই/ মই যে পতংগ…’ প্ৰেমাস্পদৰ দেহৰ অংগৰ জুইত পতংগ হ’ব খোজাৰ কাহিনী কোৱা ডঃ ভূপেন হাজৰিকাৰ এই গীতটো নুশুনা মানুহ নাই। প্ৰেমাস্পদৰ প্ৰতি এই আকুলতাক কোনেও অস্বাভাৱিক বুলিও লোৱা নাই। পিছে এইবাৰ ছাত্ৰীৰ অংগৰ জুইত জাহ যাব খুজি বিতৰ্কৰ শিখৰ চুলে এগৰাকী অধ্যাপকে। এইগৰাকী বিকৃত মানসিকতাৰ অধ্যাপকৰ কাহিনী সবিস্তাৰে প্ৰকাশ পাইছে বিভিন্ন সংবাদ মাধ্যমত। আমিও প্ৰকাশ কৰিছোঁ হিন্দী ছাৰৰ কুকীৰ্তিৰ কাহিনী। পিছে এতিয়া হিন্দী ছাৰৰ ৰোমাণ্টিকতাৰ নতুন কাহিনী আহি পৰিছে আমাৰ হাতত।

    অমিত পাণ্ডে নামৰ এই কলংকিত ছাৰৰ প্ৰেমৰ অনলৰ পৰিধি ইমানেই বেছি যে, তেওঁ কেৱল এগৰাকী নহয় বহু ছাত্ৰীকে সামৰি ল’ব খুজিছিল হেনো তেওঁৰ বিশাল প্ৰেমৰ কুণ্ডত। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুখে মুখে এতিয়া ছাৰৰ প্ৰেমাগ্নিৰ কাহিনী বাগৰি ফুৰিছে। ‘আপকা হৰ অংগ বহত ছেক্সী হে…’ বুলি মেছেজ দিয়া হিন্দী ছাৰে নিজৰ ছাত্ৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব খোজা কথা নিৰ্লজভাৱে প্ৰকাশ কৰাৰ কাহিনী আজিৰ নহয়। এতিয়া এগৰাকী ছাত্ৰীয়ে তেওঁৰ এই কুকীৰ্তি পোহৰলৈ আনিলে যদিও পূৰ্বৰে পৰা তেওঁ এই কাৰ্য কৰি আহিছিল। আৰু কেৱল এগৰাকী ছাত্ৰীলৈ নহয়, বহুকেইগৰাকী ছাত্ৰীলৈ তেওঁ একেধৰণৰ মেছেজ পঠিয়াইছিল। ইমান দিনে মুখ বন্ধ কৰি ৰখা বহু ছাত্ৰীয়ে এতিয়া তেওঁলোক সন্মুখীন হোৱা মানসিক আতিশয্যৰ কথা ক’বলৈ আগবাঢ়ি আহিছে। অৱশ্যে স্বাভাৱিকতেই তেওঁলোকৰ পৰিচয় আমি গোপনে ৰাখিম।

    কেইবাগৰাকী ছাত্ৰীলৈ যৌনগন্ধী মেছেজ


    এইগৰাকী হিন্দী ছাৰে একে সময়তে কেইবাগৰাকী ছাত্ৰীলৈ যৌনগন্ধী মেছেজ দিছিল। ফেচবুক, হোৱাটছএপৰ পৰা দিছিল এনে মেছেজ। মানসিক হাৰাশাস্তিৰে একপ্ৰকাৰ ছাত্ৰীৰ মাজত আতংক সৃষ্টি কৰিছিল অমিত কুমাৰে। শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ জ্ঞানপিপাষু চকু-মুখত নহয় তেওঁৰ দৃষ্টি আছিল ছাত্ৰীৰ গুপুত অংগতহে। ছাৰৰ লোলুপ দৃষ্টিৰ পৰা বাছিবলৈ একপ্ৰকাৰে ‘ফাট মেলা বসুমতী পাতালে লুকাও…’ সদৃশ অৱস্থা আছিল বেছিভাগ ছাত্ৰীৰে। তেওঁৰ মেছেজ অহা মানেই যেন আতংক। আনিক তেওঁৰ কাষ চাপিবলৈও অকলে যোৱাৰ সাহস নাছিল কোনো ছাত্ৰীৰ। অতি বিকৃত মন-মানসিকতাৰ এইজন কলংকিত শিক্ষকে প্ৰায় অপ্ৰকৃতিস্থৰ দৰে সেইবাবে অতি নিৰ্লজভাৱে নিজৰ নাম লৈ মেছেজ দিছিল ছাত্ৰীক। এয়া একপ্ৰকাৰ মানসিক বিকৃতি বুলি বিভিন্নজনে মন্তব্য কৰিছে।
    হিন্দী ছাৰ ইতিমধ্যে কৰ্তব্যৰ পৰা নিলম্বিত হৈছে যদিও তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাই।

    ভুক্তভোগী ছাত্ৰীগৰাকীয়েও তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপা নাই। সেইবাবে তেওঁ আৰক্ষীৰ তদন্তৰ আঁওতালৈ অহা নাই। তেওঁৰ পৰাও কোনোধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈ জানিব পৰা হোৱা নাই। কিন্তু তেওঁ এই দুষ্কাৰ্যৰ কথা অস্বীকাৰো কৰা নাই। তাৰ সলনি তেওঁৰ বিভিন্ন নতুন কাহিনীহে এতিয়া পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ উদ্ধৃতিৰে এই কাহিনীও আমি আনিম পোহৰলৈ। এনে লজ্জাজনক কাৰ্য সংঘটিত কৰাৰ পাছতো অমিত পাণ্ডেৰ দৰে অধ্যাপক যদি নামমাত্ৰ শাস্তিতেই সাৰি যায় তেন্তে এনে মানসিকতাৰ লোকক অধিক উতসাহিত কৰাহে হ’ব বুলি বিভিন্ন লোকে আমাৰেই বাতৰিৰ আঁত ধৰি মন্তব্য কৰিছে। কৰ্মক্ষেত্ৰ, আন ৰাজহুৱা স্থানৰ লগতে শিক্ষানুষ্ঠানৰ দৰে পবিত্ৰ স্থানতো নাৰী সুৰক্ষিত নোহোৱাটো এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে।