Regional
ট’কিঅ’ : শনিবাৰে অনুষ্ঠিত অলিম্পিকৰ ৰোমাঞ্চকৰ ছেমি ফাইনেলত বিশ্বৰ শীৰ্ষতাৰকা টাই-জু-ইঙৰ হাতত পাৰভূত হয় ভাৰতীয় তাৰকা পিভি সিন্ধু।ক্ৰমাগত জয়ৰ ধাৰাবাহিকতা অব্যাহত ৰখাত ব্যৰ্থ হয় সিন্ধু। ফাইনেললৈ উন্নীত হোৱাৰ পূৰ্ণ সুযোগ আছিল সিন্ধুৰ।
ঐতিহাসিক বিদায়েৰে ট’কিঅ’ত ভাৰতীয় এথলীটৰ বিজয়ৰথ থমকিল। অলিম্পিকৰ পূৰ্বেও টাই-জু-ইঙৰ বিৰুদ্ধে অন্তিম ১১খন খেলৰ ৯খনতে পৰাস্ত হৈছিল সিন্ধু। চলিত অলিম্পিকত মহিলাৰ একক বেডমিণ্টনৰ ছেমিত ম্লান পৰি ৰ’ল সিন্ধু গৰ্জন।
খেলৰ আৰম্ভণিৰে পৰা তৰিত্ গতিৰে সিন্ধুৱে আগবাঢ়ি্ছিল কিন্তু অন্তিম মুহূৰ্তত ব্যৰ্থ হয়। ১৮-২১,১২-২১ৰ ব্যৱধানত দুটা ছেটতে পৰাস্ত সিন্ধু|
Leave A Comment