• থলুৱাক বঞ্চনা! কামৰূপ(গ্ৰাঃ)ৰ উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান ‘আছু’ৰ

    আঞ্চলিক
    থলুৱাক বঞ্চনা! কামৰূপ(গ্ৰাঃ)ৰ উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান ‘আছু’ৰ

    উত্তৰ গুৱাহাটীঃ কামৰূপ(গ্ৰাঃ) জিলাৰ বিভিন্ন উদ্যোগ, বৃহৎ গুদাম আৰু ব্যাক্তিগত পৰিবহণ প্ৰতিষ্ঠানসমূহত ৯০ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতী আৰু শ্ৰমিকক নিযুক্তি দিয়াৰ দাবীত ‘কামৰূপ(গ্ৰাঃ) জিলা ছাত্ৰ সন্থা’ই জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এখনি স্মাৰক-পত্ৰ প্ৰদান কৰে। একাংশ পুঁজিপতিয়ে থলুৱা নিবনুৱা যুৱক-যুৱতী আৰু শ্ৰমিকক বঞ্চনাৰ অভিযোগ তুলি এইক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰে ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলটোৱে।





    স্মাৰক-পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ উপদেষ্টা প্ৰকাশ দাসে একাংশ উদ্যোগপতি তথা গুদামৰ স্বত্বাধিকাৰীয়ে নিবনুৱাক সংস্থাপন দিয়াৰ পৰিৱৰ্তে বহিঃৰাজ্যৰ লোকক সংস্থাপন দি খিলঞ্জীয়াৰ স্বাৰ্থবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে।





    লগতে কাৰ্যসূচীত উপস্থিত থাকে ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস। থলুৱা নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত হোৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ নেতৃত্বত বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ‘আছু’ৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে।